কাৰ্বি আংলং, 8 অক্টোবৰ : জে ই ই এডভান্স প্ৰৱেশ পৰীক্ষাৰ ফলাফলত স্থান লাভ কৰি অসম তথা কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাবী ছাত্ৰ কৰণ উপাধ্যায়ে। পশ্চিম কাৰ্বি আংলঙৰ পিছপৰা মাইলুৰ বাসিন্দা তথা আজমল চুপাৰ ৪০ ৰ কৃতি ছাত্ৰ হৈছে কৰণ উপাধ্যায় । জে ই ই এডভান্স (JEE ADVANCE) পৰীক্ষাত অৱতীৰ্ণ হৈ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে ৫৭১৪ নম্বৰ স্থান দখল কৰাৰ লগতে ৫৭১ EWS স্থান দখল কৰিবলৈ সক্ষম হয় কৰণ উপাধ্যায়ে ।
উল্লেখযোগ্য যে চলিত বৰ্ষত আজমল ছুপাৰ ৪০ ৰ পৰা ২৭ গৰাকী পৰীক্ষাৰ্থী JEE MAINS ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ইয়াৰে ১৮ গৰাকী উত্তীৰ্ন হৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে JEE MAINS ৰ প্ৰৱেশ পৰীক্ষাত কৰণ উপাধ্যায়ে ৯৮.৮৯% নম্বৰ লাভ কৰি স্থান দখল কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত মেধাৱী ছাত্ৰ কৰণ উপাধ্যায়ৰ এই ফলাফলক লৈ উৎফুলিত হৈ পৰিছে আজমল ফাউণ্ডেচনৰ কৰ্তৃপক্ষৰ লগতে অভিভাৱক আৰু অঞ্চলবাসী । আজমল ছুপাৰ ৪০ ক গৌৰাম্বিত কৰা ছাত্ৰ কৰণ উপাধ্যায়ক আজমল ফাউণ্ডেচনৰ সঞ্চালক খজৰুল ইছলামসহ এটা সজাতি দলে কৃতি ছাত্ৰ গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰ গৰাকীক জাপি-গামোচা আদিৰে বিপুল সম্বৰ্ধনা জনায়।