ডিফু, ২ নৱেম্বৰ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত দুর্নীতি হোৱাক লৈ বিগত প্ৰায় ৩-৪ বছৰে বিভাগটোত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ তিনি শতাধিক কৰ্মচাৰীৰ চাকৰি লৈ এতিয়া সংকট নামি আহিছে । পৰিষদৰ অনুমোদন অবিহনে এইসকল কৰ্মচাৰীক বিভাগটোৰ নিয়োজিত কৰা হৈছিল বুলি বৰ্তমানৰ মুখ্য বন সংৰক্ষকে তিনি শতাধিক কৰ্মচাৰীলে শ্ব'কজ নটিছ জাৰি কৰিছে ।
উল্লেখ্য যে, চাৰি বছৰ পূৰ্বে অৱসৰপ্ৰাপ্ত মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাই ৰাজ্যিক পৰ্যায়ৰ এই পদসমূহত নতুনকৈ নিযুক্তি দিয়াৰ লগতে মাষ্টাৰুলত কৰ্মৰত হৈ থকা বহু কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰিছিল । ফৰেষ্টাৰৰ পৰা চতুৰ্থ শ্ৰেণীৰ মালি পদলৈকে এইসকল কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল । এইসকল কৰ্মচাৰীয়ে ইতিমধ্যে বছৰ বছৰ ধৰি প্ৰতি মাহে দৰমহা আৰু আন সুবিধাও লাভ কৰি আছে ।
ইপিনে ১৯৮৪ চনতেই নিযুক্তি পোৱা বহু কৰ্মচাৰীৰ অৱসৰ ল’বলৈ মাথোঁ দুটা বছৰ বাকী আছে । এতিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এইসকল কর্মচাৰীক তেওঁলোকৰ নিযুক্তিৰ বৈধ্যতা প্ৰতিপন্ন কৰিবলৈ এসপ্তাহৰ সময় বান্ধি দিছে । যাৰ ফলত এতিয়া তিনি শতাধিক কর্মচাৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।
এই কৰ্মচাৰীসকলে আজি ডিফুস্থিত মুখ্য বন সংৰক্ষকৰ কার্যালয়ত একত্ৰিত হৈ মুখ্য বন সংৰক্ষকক এখন স্মাৰকপত্ৰ প্ৰদান কৰি তেওঁলোকৰ নিযুক্তি বাহাল ৰাখিবলৈ আহ্বান জনাইছে । কর্মচাৰীসকলে পৰিষদৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয়, ‘‘আজি ইমান বছৰে আমি চাকৰি কৰি অহাৰ পাচত হঠাৎ আমাক অতি কম সময় প্ৰদান কৰি এনেদৰে শক্তি প্ৰদৰ্শন কৰাটো উচিত হোৱা নাই’’ ।
কাৰ্বি আংলং স্বায়ত্তশাসিত শাসিত পৰিষদৰ অধীনত থকা বন বিভাগৰ কৰ্মচাৰীসকলে ইতিমধ্যে চৰকাৰে ভিন ভিন সময়ত প্ৰদান কৰা দায়িত্ব সুকলমে পালন কৰি অহাৰ কথাও সোঁৱৰাই দিয়ে । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ লগতে কৰ্মচাৰীসকলক প্ৰদান কৰা শ্ব'কজ নটিছ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় । অন্যথা কৰ্মচাৰীসকলে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকিয়াই দিয়ে ।