ডিফু, ১ ছেপ্টেম্বৰ : শুকুৰবাৰৰ পৰা ডিফুৰ পাঁচ মাইলস্থিত স্পৰ্টছ কমপ্লেক্সত আৰম্ভ হৈছে অসমৰ দক্ষিণাঞ্চল গোটৰ ১৯ অনুৰ্দ্ধ জে কে বৰুৱা আন্তঃ জিলা ক্ৰিকেট টুৰ্ণামেণ্ট ৷ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ অব্যাহত থাকিব ৷ উদ্বোধনী খেলখন অনুষ্ঠিত হয় হাইলাকান্দি ক্ৰীড়া সন্থা বনাম লখিমপুৰ ক্ৰীড়া সন্থাৰ মাজত ৷

লখিমপুৰ দলে টছত জিকি প্ৰথমে বেট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লখিমপুৰ দলে নিৰ্ধাৰিত ৫০ অ'ভাৰত ১০ উইকেটৰ বিনিময়ত ১৪৭ ৰাণ কৰি ১৪৮ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে হাইলাকান্দি দলক ৷ হাইলাকান্দি দলে ১৪৮ ৰাণৰ লক্ষ্যৰে মাত্ৰ ৩২ অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩১ ৰাণ কৰিবলৈ সক্ষম হয় ৷ ফলত হাইলাকান্দি দলক লখিমপুৰ দলে ১৬ ৰাণত হেৰুৱাই টুৰ্ণামেণ্টৰ প্ৰথম বিজয়ৰ সোৱাদ লয় ৷

জে কে বৰুৱা অনুৰ্দ্ধ ১৯ আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাখনত আম্পায়াৰৰ দায়িত্ব পালন কৰে নিৰঞ্জন দাস আৰু বিজেন্দ্ৰ প্ৰসাদ সিংহই, স্ক'ৰাৰৰ দায়িত্ব পালন কৰে অভিজিৎ ফাংচ' ই ৷ উদ্বোধনী খেলখন উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেই ৷ উদ্বোধনী খেলখনত উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি জনি তিমুঙ, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক, এচিএৰ ভ্ৰমণ, ফিক্সাৰ আৰু কাৰিকৰী সমিতিৰ প্ৰক্তন সদস্য বিষ্ণুৰাম নুনিচা, কাছাৰ কোষাধ্যক্ষ কেনচিং ইংতি, কাছাৰ ক্ৰিকেট সচিব সঞ্জয় তিমুঙ আৰু গণ্যমান্য ব্যক্তিসকল ৷
লগতে পঢ়ক : Penchak Silat: চিলাপথাৰত পেঞ্চাক চিলাট্ সংস্থাৰ উদ্যোগত খেলো ইণ্ডিয়াৰ প্ৰথম মহিলা লীগ