ETV Bharat / state

বোকাজানত আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 17, 2021, 7:40 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কাৰ্বি আংলং জিলাতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ তাৰমাজতে বৃহস্পতিবাৰে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

DRUGS SEIZED AT BOKAJAN
বোকাজানত আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী

ডিফু, ১৭ জুনঃ ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police) ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ দল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কাৰ্বি আংলং জিলাতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ তাৰ মাজতে বৃহস্পতিবাৰে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত বোকাজানৰ পৰা আৰক্ষীয়ে অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে, কাৰ্বি আংলংৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত বোকাজানৰ SDPO জন দাস , CI বৰপথাৰ ভূপেন কলিতা আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্মই বৃহস্পতিবাৰে যুটীয়াভাবে অভিযান চলাই । অভিযান কালত আৰক্ষীয়ে বোকাজানৰ খটখটি থানাৰ অন্তৰ্গত পকাফিল্ডৰ পৰা উদ্ধাৰ কৰে 164 পেকেট ড্ৰাগছ । ড্ৰাগছখিনিৰ ওজন 2 কেজি 125গ্ৰাম হোৱাৰ লগতে ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 7 কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷ লগতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা AS-01-BY- 9058 নম্বৰৰ এখন এল্ট বাহনো জব্দ কৰিবলৈ সক্ষম হৈছে ।

ইপিনে আৰক্ষীয়ে আটক কৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ ভিতৰত এটাৰ ঘৰ মণিপুৰ আৰু এটাৰ হৈছে নাগালেণ্ডত ৷ আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীৰ ভিতৰত আছে এগৰাকী মহিলা । আটকাধীন যুৱক জনৰ নাম কেভেটচচা মভি (২৮) আনহাতে মহিলাগৰাকীৰ নাম টি এইচ পাওনে (৫০) বুলি জানিব পৰা গৈছে ।

জানিব পৰা অনুসৰি, টি এইচ পাওনে নামৰ মহিলা গৰাকী আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত । ধৃত কেভেটচচাৰ ঘৰ নাগালেণ্ডত আৰু টি এইচ পাওনেৰ ঘৰ মণিপুৰত বুলি জানিব পৰা হৈছে ।

লগতে পঢ়কঃ সৌভাগ্য আঁচনিয়ে সৌভাগ্য কঢ়িয়াব নোৱাৰিলে লিখাজানবাসীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.