ETV Bharat / state

ডিফুত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

author img

By

Published : Feb 22, 2021, 11:16 AM IST

সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফুৰ আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন । 'খিলঞ্জীয়া মাতৃভাষাৰ বৰ্তমান আৰু ভৱিষ্যত' শীৰ্ষক আলোচনা চক্ৰ । অসমীয়া ভাষাৰ জয়যাত্ৰা বোৱতী নদীৰ দৰে বুলি মন্তব্য ৰংবং তেৰাঙৰ ।

ডিফুত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন
ডিফুত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

ডিফু, ২২ ফেব্ৰুৱাৰী : সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হয় আন্তৰ্জাতিক মাতৃভাষা দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ সমিতিয়ে কাৰ্বি আংলং জিলাৰ ডিফুৰ আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত এখন আলোচনা চক্ৰৰ আয়োজন কৰে ৷ 'খিলঞ্জীয়া মাতৃভাষাৰ বৰ্তমান আৰু ভৱিষ্যত' শীৰ্ষক আলোচনা চক্ৰৰ উদ্ধোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে ।

ডিফুত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন
ডিফুত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন

এই আলোচনা চক্ৰৰ উদ্ধোধন কৰি তেৰাঙে কয় 'অসমীয়া ভাষা বোৱতী নদীৰ দৰে ৷ এই ভাষা কেতিয়াও বিলুপ্ত হ’ব নোৱাৰে ৷ বিশাল ব্ৰহ্মপুত্ৰ নদীত যি দৰে শ শ উপ নদী লগ লাগিছে একেদৰে অসমীয়া ভাষাও বিভিন্ন জনগোষ্ঠীৰ শব্দৰে সমৃদ্ধ হৈছে' ৷ এগৰাকী বড়ো লোক আৰু এগৰাকী কাৰ্বি লোক লগ হ'লে দুয়োগৰাকীয়ে কি ভাষাত কথা পাতিব বুলি প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, নিশ্চিত ভাৱে অসমীয়া ভাষাত ৷ সেয়ে অসমীয়া ভাষাৰ মৃত্যু কেতিয়াও হ’ব নোৱাৰে ৷

একেদৰে জনগোষ্ঠীয় ভাষা সমূহৰ বিকাশৰ বাবেও আমি সকলোৱে কাম কৰিব লাগিব বুলি বৰেণ্য সাহিত্যিক গৰাকীয়ে মন্তব্য কৰে ৷ বিশিষ্ট সাহিত্য সেৱক ৰবীন গোস্বামীৰ সঞ্চালনাত সম্পন্ন হোৱা 'খিলঞ্জীয়া মাতৃভাষাৰ বৰ্তমান আৰু ভৱিষ্যত' শীৰ্ষক আলোচনা চক্ৰৰ সমল ব্যক্তি আছিল এইবছৰ আমেৰিকাৰ লেংগুৱেজটিক ছচাইটিৰ বঁটা বিজয়ী সাহিত্যৰ গৱেষক চিকাৰী তিচ’ ৷

'খিলঞ্জীয়া মাতৃভাষাৰ বৰ্তমান আৰু ভৱিষ্যত' শীৰ্ষক আলোচনা চক্ৰ

নিজৰ ভাষণত তিচ’ই ২০১১ চনৰ তথ্য দাঙি ধৰি কয় যে তিৱা, মিছিঙকে ধৰি অসমৰ বহু খিলঞ্জীয়া ভাষা আজি সংকটৰ গৰাহত ৷ তেওঁ কয় যে, অসমীয়া ভাষা আজি সংকটত বুলি ভাষা বিজ্ঞানীসকলে মত ব্যক্ত কৰিছে ৷ গতিকে অসমীয়া ভাষাৰ কি হ’ব সেয়া সহজেই অনুমেয় ৷ অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক ভৱপ্ৰসাদ দেউৰীয়ে আঁতধৰা আলোচনা চক্ৰখনত ডিফুৰ বৌদ্ধিক মহল উপস্থিত থাকে ৷

লগতে পঢ়ক:গৌৰৱ নে আন কোনোবা : তিতাবৰত তৰুণ গগৈৰ উত্তৰসূৰী হ'ব কোন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.