ETV Bharat / state

ৰংমিলিৰ হাহিঁৰ স্ৰষ্টাই উন্মোচন কৰিলে বিদ্যাছিং ৰংপিৰ হাইমু

author img

By

Published : Feb 13, 2021, 7:46 PM IST

কবি, গল্গকাৰ, ছবি পৰিচালক তথা ৰাজনৈতিক নেতা বিদ্যাছিং ৰংপিৰ এখন উপন্যাস উন্মোচন । ক’ভিড-১৯ অতিমাৰীৰ সময়ত 'হাইমু' নামৰ উপন্যাসখন লিখি উলিয়ালে বিদ্যাছিং ৰংপিয়ে ।

বিদ্যাছিং ৰংপিৰ হাইমু নামৰ নতুন উপন্যাস উন্মোচন

ডিফু :১৩ ফেব্ৰুৱাৰী: কবি, গল্গকাৰ, ছবি পৰিচালক তথা ৰাজনৈতিক নেতা বিদ্যাছিং ৰংপিৰ এখন উপন্যাস উন্মোচন । শনিবাৰে ডিফুৰ ৰাংছিনা ছাৰপ প্ৰেক্ষাগৃহত ৰংপিৰ প্ৰথমখন উপন্যাস 'হাইমু' উন্মোচন কৰে ৰংমিলিৰ হাহিঁৰ স্ৰষ্টা ৰংবং তেৰাঙে ৷

কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনত নিৰ্দিষ্ট বক্তাৰ হিচাপে উপস্থিত থাকে অধ্যাপিকা ড:মনালিছা । উন্মোচনত ৰংবং তেৰাঙে হাইমুৰ কাহিনীক লৈ ছামছিং হাঞ্চেৰ 'নাম তাইৰ হাইমু', অজিত ছিংনাৰেৰ 'বৰ্ষা দেৱীৰ মালিতা' আৰু বিদ্যাছিং ৰংপিয়ে 'হাইমু' সৃষ্টি কৰি অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰা বুলি কয় ৷ বিদ্যাছিং ৰংপিৰ 'হাইমু'ত কাৰ্বি সমাজ-সংস্কৃতিৰ সাৱলীল প্ৰকাশ ঘটা বুলিও কলে ৰংবং তেৰাঙে ৷

ৰাজনৈতিক নেতা বিদ্যাছিং ৰংপিৰ উপন্যাস উন্মোচন

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ঔপন্যাসিক অজিত ছিংনাৰ ,লেখক পবিত্ৰ বৰা, কাৰ্বি লামমেত আমেইৰ সভাপতি হিদ্ধিনাথ ৰংপি, লুনচে তিমুঙেও ভাষণ আগবঢ়াই অসমীয়া আৰু কাৰ্বি ভাষাক সৃষ্টিশীল লেখাৰে ৰংপিয়ে সমৃদ্ধ কৰা বুলি কয় ৷ তেওঁৰ গল্প সভ্ৰান্ত আলোচনী প্ৰান্তিক, সাতসৰী, গৰীয়সী আদিত প্ৰকাশ হৈছে ৷ ৰাজনৈতিক ব্যস্ততাৰ মাজতো সৃষ্টিশীল কামত লাগি থকাটোৱে লেখকৰ স্বভাৱসিদ্ধ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে ৷ লেখক ৰংপিয়ে ক’ভিড-১৯ অতিমাৰীৰ সময়ত লিখি উলিয়াইছিল 'হাইমু' নামৰ উপন্যাসখন ।

লগতে পঢ়ক:আমগুৰিত ভূ-কম্পন জৰীপ বন্ধৰ দাবীত আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.