ETV Bharat / state

অসম-মেঘালয় সীমান্তত জব্দ চোৰাং কুণ্ডা ভৰ্তি ট্ৰাক

author img

By

Published : Apr 18, 2021, 8:03 PM IST

কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত অব্যাহত আছে বন মাফিয়াৰ তাণ্ডৱ । শনিবাৰে নিশা ১২ বজাত খেৰণি বন বিভাগৰ এটি দলে গোপন সূত্ৰৰ ভিত্তিত অসম-মেঘালয় সীমান্তৰ ইংহিনলাংছ’ত অভিযান চলাই জব্দ কৰে কুণ্ডা ভৰ্তি এখন ট্ৰাক ।

অসম-মেঘালয় সীমান্তৰ ইংহিনলাংছত জব্দ চোৰাং কুণ্ডা ভৰ্তি ট্ৰাক

ডিফু,১৮ এপ্ৰিল: ৰঙালীৰ আনন্দ-উচাহৰ মাজতে অসম-মেঘালয় সীমান্তত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক । কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত অব্যাহত আছে বন মাফিয়াৰ তাণ্ডৱ । মেঘালয়ৰ বন মাফিয়াই সেউজ কাৰ্বি পাহাৰ ধ্বংস কৰি নিতৌ চলাই আহিছে বনজ সম্পদ ধ্বংস যজ্ঞ । ইয়াৰ মাজতে শনিবাৰে নিশা ১২ বজাত খেৰণি বন বিভাগৰ এটি দলে গোপন সূত্ৰৰ ভিত্তিত অসম-মেঘালয় সীমান্তৰ ইংহিনলাংছ’ত অভিযান চলাই জব্দ কৰে কুণ্ডা ভৰ্তি এখন ট্ৰাক ।

ইংহিনলাংছত জব্দ চোৰাং কুণ্ডা ভৰ্তি ট্ৰাক

জব্দ কৰা ট্ৰাকখন মেঘালয়ৰ এম এল ০৪ ৭৫৫৩ নম্বৰৰ পঞ্জীয়ন কৃত বুলি জানিব পৰা গৈছে । ইপিনে বন বিভাগৰ অভিযানৰ উমান পাই মেঘালয়ৰ বনজ সম্পদ লুণ্ঠনকাৰী দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে । পৰৱৰ্তী সময়ত খেৰণি বন বিভাগে জব্দ কৃত কুণ্ডা ভৰ্তি বাহনখন খেৰণি বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আনে ৷ ঘটনা সন্দৰ্ভত বনকৰ্মী-বন বিষয়াৰ এটা দলে বৰ্তমান পৰ্যন্ত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.