ETV Bharat / state

পত্নীক হত্যা কৰি আত্মঘাতী হ‘ল স্বামী

স্বামী-স্ত্ৰীৰ মাজত হোৱা ঘৰুৱা কাজিয়াৰ ভয়ংকৰ পৰিণতি ৷ ঘৰুৱা কন্দলৰ বাবে পত্নীক হত্যা কৰি আত্মঘাতী হ‘ল এজন স্বামী ৷ কাৰ্বি আংলং জিলাৰ ধনশিৰিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ৷

author img

By

Published : Apr 2, 2021, 10:16 PM IST

husband-killed-wife-first-and-killed-himself-also
পত্নীক হত্যা কৰি আত্মঘাতী হ‘ল স্বামী

ডিফু, ২ এপ্ৰিল: স্বামী-স্ত্ৰীৰ মাজত হোৱা ঘৰুৱা কাজিয়াৰ ভয়ংকৰ পৰিণতি ৷ ঘৰুৱা কন্দলৰ বাবে পত্নীক হত্যা কৰি আত্মঘাতী হ‘ল এজন স্বামী ৷ কাৰ্বি আংলং জিলাৰ ধনশিৰিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ৷

আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি, ডিমাপুৰৰ ধনশিৰিপাৰত কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰা হোজাই জিলাৰ লংকাৰ নখুটি অঞ্চলৰ বাসিন্দা আব্দুল কাদিৰৰ পুত্ৰ হাফিজউদ্দিন (২৮) শুকুৰবাৰে ভোটদান কৰি ডিফু-ধনশিৰি পথৰ নতুন বস্তিত ককায়েক মজিবুৰ ৰহমানৰ ঘৰত আহিছিল ৷ শুকুৰবাৰে সন্ধিয়া ককায়েক ঘৰত নথকা অৱস্থাত হাফিজ উদ্দিন আৰু তেওঁৰ পত্নী লিলিমা বেগমে দূৰ্বাদল ঘৰুৱা কাজিয়াত লিপ্ত হয় ৷ ফল স্বৰূপে হাফিজ উদ্দিনে ককায়েকৰ ঘৰত থকা দা লৈ পত্নী লিলিমাৰ ডিঙি কাটি হত্যা কৰাৰ লগতে নিজেও সেই দাৰেই ডিঙি কাটি আত্মঘাতী হোৱাৰ চেষ্টা কৰে ৷

ঘটনাৰ খবৰ লাভ কৰি ধনশিৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰীকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলী উপস্থিত হয় ৷ আৰক্ষীয়ে সংকটজনক অৱস্থাত হাফিজ উদ্দিনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বাটতেই মৃত্যু হয় লোকজনৰ ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: পীযুষ হাজৰিকাৰ উদ্ধতালি: ফোনযোগে সাংবাদিকক ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.