ডিফু,৫ ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ডিফুতো অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Operation against drugs in Assam) । সোমবাৰে বিয়লি ডিফু ৰে'ল ষ্টেচনত বুজন পৰিমাণৰ হেৰ’ইন আৰু নগদ ধন সহ এগৰাকী মহিলা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় (Woman arrested with drugs in Diphu) ।
প্ৰাপ্ত খবৰ অনুসৰি এক গোপন সূত্ৰৰ পম খেদি জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুল আহমেদ আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয় জুনতি মজুমদাৰ, জি আৰ পি এফৰ সহযোগত ডাউন ৰঙিয়া ৰে'লখনত তালাচী চলায় (Drugs smuggling in Diphu) । অভিযান কালত ৰে'লখনৰ এটা ডবাত যাত্ৰী হিচাপে অহা এগৰাকী মহিলাৰ পৰা এটা বেগৰ ভিতৰত কঢ়িয়াই অনা অৱস্থাত জব্দ কৰে নিষিদ্ধ হেৰ’ইনখিনি ।
আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা জব্দ কৰে ১১টা চাবোনৰ বাকচত ১৭৪.০৪ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন (Huge amount of heroin seized in Diphu) । সন্দেহযুক্ত হেৰ’ইনখিনি মহিলা গৰাকীয়ে ডিমাপুৰৰ পৰা গুৱাহাটীলৈ নিয়াৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
ধৃত মহিলা গৰাকী কামৰূপ মেট্ৰোৰ কুলতি ভাকতি মন্দিৰ গাঁৱৰ উপেন দাসৰ পত্নী সীমা দাস বুলি চিনাক্ত কৰা হৈছে । মহিলা গৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ৫২,৩৫০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Suspected heroin and cash seized at Diphu) । বৰ্তমান মহিলাগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: চুৰি বাইকৰ উজান উঠিছে মঙলদৈ থানাত