ডিফু,6 মাৰ্চঃ ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ শুকুৰবাৰে নিশা বোকাজানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ বৰপথাৰ আৰক্ষীৰ তৎপৰতাত জব্দ হয় প্ৰায় ৫২ কেজি গাঞ্জা ৷
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় গাঞ্জাখিনি ৷ ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে অহা যাত্ৰীবাহী নৈশ বাছৰ পৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি ৷ AS 01 JC 6754 নম্বৰৰ পূজা নামৰ বাছখনৰ পৰা উদ্ধাৰ হৈছে অবৈধ গাঞ্জাখিনি ৷
লগতে পঢ়কঃ ডিব্ৰুগড়ত ভাতৃৰ বাবে হেৰুৱালে টিকট !