ডিফু, ২১ ফেব্রুৱাৰী: শ্রীমন্ত শংকৰদেৱ সংঘৰ অধীনত কার্বি আংলং জিলাৰ বকলীয়াঘাটত স্থাপন হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ দেওবাৰে আধাৰশিলা স্থাপন কৰা হয় । বকলীয়াঘাট ক্রীড়া সংস্থাৰ খেলপথাৰৰ সমীপত থকা শ্রীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰ চৌহদত স্থাপন হ'বলগীয়া মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ পার্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্রী চুম ৰংহাঙে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চুম ৰংহাঙে প্রদান কৰা ভাষণত বকলীয়াঘাটত এনে এখন মহাবিদ্যালয় স্থাপন হােৱাত গভীৰ সন্তুষ্টি প্রকাশ কৰাৰ লগতে মহাবিদ্যালয়খনৰ উন্নয়নৰ কাম-কাজৰ ক্ষেত্রত চৰকাৰৰ পৰা সকলাে ধৰণৰ সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস প্রদান কৰে ৷
সভাখনত উপস্থিত থাকি শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদক বাবুল বৰাই এটা সময়ত বিভিন্ন সমস্যাৰে জৰ্জৰিত কার্বি আংলঙত আজি পূর্বৰ পৰিবেশ নাই বুলি মন্তব্য কৰি জিলাখনত সম্প্রতি গঠনমূলক কাম-কাজৰ বাবে সুন্দৰ পৰিৱেশৰ সৃষ্টি হােৱা বুলি মত আগবঢ়ায় । শ্রীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত যােৰহাটত এখন দন্ত চিকিৎসাৰ প্রতিষ্ঠান স্থাপন কৰাৰ লগতে কার্বি আংলং আৰু শিৱসাগৰ, মংগলদৈ, মৰিগাঁৱতাে মহাবিদ্যালয় খােলাৰ প্রক্রিয়া হাতত লােৱা বুলি প্রধান সম্পাদকগৰাকীয়ে অৱগত কৰে।
সভাখনত উপস্থিত থাকি লাংফেৰৰ পৰিষদীয় সদস্য ৰামছিং তিমুঙে শ্রীমন্ত শংকৰদেৱ মহাবিদ্যালয় নির্মাণৰ ক্ষেত্রত সকলাে ধৰণৰ সহযােগিতা আগবঢ়োৱাৰ আশ্বাস প্রদান কৰি প্রাথমিকভাবে দহ লাখ টকা আগবঢ়োৱাৰ কথা সভা স্থলীতে ঘােষণা কৰে । শ্রীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি ভৱ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হােৱা সভাখনত ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক:নাওবৈচাৰ বিজেপিৰ চাইকেল ৰেলীত হিমন্ত বিশ্ব শৰ্মা