ETV Bharat / state

ডিলাইত দুই সৰবৰাহকাৰীসহ প্ৰায় 10 কোটি টকাৰ সন্দেহজনক হেৰ’ইন জব্দ - নাকা তালাচী

কাৰ্বি আলঙৰ ডিলাইত আৰক্ষীয়ে বৃহস্পতিবাৰে নিয়মীয়া তালাচীত প্ৰায় 10 কোটি টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা হেৰ’ইনখিনিৰ ওজন 1652.35 গ্ৰাম হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

Drugs Worth Rs 10 Crore Seized at Dilai
হেৰ’ইন জব্দ
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 10:32 PM IST

10 কোটি টকাৰ সন্দেহজনক হেৰ’ইন জব্দ

ডিফু, 16 নৱেম্বৰ : অসম-নাগালেণ্ড সীমান্তত কাৰ্বি আংলং জিলা আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানৰ পিছত বৃহস্পতিবাৰে পুনৰ লাভ কৰিছে এক বৃহৎ সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আলং জিলাৰ ডিলাই আৰক্ষীয়ে বৃহস্পতিবাৰে নিয়মীয়া তালাচীত প্ৰায় 10 কোটি টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

বৃহস্পতিবাৰে বিয়লি 3 বজাত 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিলাই তিনিআলিত নিয়মীয়া তালাচী অভিযানত আৰক্ষীয়ে এখন টাটা উইংগাৰৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ডিলাই আৰক্ষীয়ে মণিপুৰ দিশৰ পৰা কাৰ্বি আংলঙৰ মাঞ্জাৰ দিশে আহি থকা এএছ-01 কেচি- 9014 নম্বৰৰ বাহনখনত চলোৱা তালাচীত মুঠ 130 টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত এই হেৰ’ইনখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

জব্দ কৰা হেৰ’ইনখিনিৰ ওজন 1652.35 গ্ৰাম হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ বাহনখনৰ চালক আৰু সৰবৰাহকাৰী মহম্মদ ইলিয়াছ খান আৰু মহম্মদ চিৰাউদ্দিন ৷ দুয়ো মণিপুৰৰ মইৰাং জিলাৰ কোৱাকটা খোমান অঞ্চলৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে দুয়োটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি এনডিপিএছ এক্টত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় 10 কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷

উল্লেখ্য যে, অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বন্ধ হোৱা নাই ড্ৰাগছৰ বিক্ৰী আৰু সৰবৰাহ ৷ নিত্য নতুন কৌশলেৰে আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহকাৰীয়ে বহিঃৰাজ্যৰ পৰা ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ সময়ে সময়ে আৰক্ষীয়ে সৰবৰাহকাৰীৰ এই প্ৰচেষ্টাক ব্যৰ্থ কৰি জব্দ কৰি আহিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷

লগতে পঢ়ক : Tax department Raid: প্ৰতীক্ষা হাস্পতালৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ, আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.