ETV Bharat / state

ডিফু আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান, আটক 2

author img

By

Published : May 30, 2021, 9:42 PM IST

ড্ৰাগছৰ বিৰুদ্ধে ডিফুত আৰক্ষীৰ অভিযান ৷ ডিফুত ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত এপিডিচিএলৰ অভিযন্তাক আটক ৷

ডিফু আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান , আটক দুজন

ডিফু, ৩০ মে': সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ ডিফু আৰক্ষীয়েও কাৰ্বি আংলঙত আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে নিশাৰে পৰা কাৰ্বি আংলং জিলা আৰক্ষীয়ে সমগ্ৰ জিলাৰ লগতে ডিফুতো ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছে ৷

শনিবাৰে নিশা আৰক্ষীয়ে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত অভিযান চলাই মুকেশ হোজাই নামৰ এজন যুৱকক আটক কৰে ৷ উল্লেখযোগ্য যে, মুকেশ হোজাই এপিডিচিএলত কণিষ্ঠ অভিযন্তা ৰূপে কৰ্মৰত ৷

মুকেশ হোজাই নামৰ এপিডিচিএলৰ কণিষ্ঠ অভিযন্তাজন ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে ৷ আনহাতে, দেওবাৰে আৰক্ষীয়ে ডিফুৰ হৰিলাল বস্তিত অভিযান চলাই আব্দুল মন্নান নামৰ এজন লোকক তেওঁৰ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে মুকেশ হোজাইৰ পৰা ২ গ্ৰাম আৰু আব্দুল মান্নান নামৰ লোকজনৰ পৰা তিনি গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে, স্থানীয় লোকে আব্দুল মান্নান নামৰ ব্যক্তিগৰাকীয়ে ঘৰত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷

লগতে পঢ়ক : চিৰাঙৰ কাজলগাঁৱত বোমাতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.