ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - ডিফু চহৰৰ বাট পথ

প্ৰতিষ্ঠা দিৱসৰ উপহাৰ হিছাপে ডলামৰা,মাঞ্জা,ফুলনি,দেইথৰ আৰু ছামেলাংছ'ক নগৰ হিছাপে ঘোষণা তুলিৰাম ৰংহাঙৰ ৷ প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ প্ৰাকক্ষণত জিলাখনৰ চাৰি বিধায়কৰ অনুপস্থিকলৈ ক্ষোভ প্ৰকাশ সাংসদ হৰেণ ছিং বে'ৰ ৷

Diphu clebration of 69 th KAAC foundation day
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Jun 23, 2020, 9:11 PM IST

ডিফুৰ,২৩জুনঃ ক‘ৰণা ভাইৰাছৰ বাবে দেশজুৰি চলি থকা লক ডাউনৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংতিৰ অধ্যক্ষতাত পৰিষদৰ সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা মুকলি অধিবেশন খনিত আদৰণি ভাষণ প্ৰদান কৰে পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ কুমাৰ দাসে ৷ তাৰ পাছতেই পৰিষদৰ প্ৰতিটো বিভাগৰ ই এম সকলৰ উন্নয়নৰ ৰিপৰ্ট কাৰ্ড সমূহ মঙলবাৰে মুকলি কৰা হয় ৷

Diphu clebration of 69 th KAAC foundation day
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰতিষ্ঠা দিৱসটিৰ কাৰ্যসূচীত উপস্থিত থাকি জিলাখনলৈ উপহাৰ হিছাপে ডলামৰা, মাঞ্জা, ফুলনি, দেইথৰ আৰু ছামেলাংছ'ক নগৰৰ মৰ্যদা প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বি আংলঙৰ সকলো জাতি- জনগোষ্ঠী, সাংসদ, বিধায়ক, ইএম, এমএচি বিষয়া সকলক লৈ কাৰ্বি আংলঙ জিলাৰ সৰ্বাংগীন উন্নয়ণৰ বাবেই টীম কাৰ্বি আংলং গঠন কৰা হৈছে ৷ সকলোয়ে ঐক্যবদ্ধভাবে কৰ্ম সংস্কৃতি গঢ়ি তুলি জিলাখনৰ উন্নয়ণ, শান্তি আৰু ভাতৃত্বৰ বাবে কাম কৰি পাহাৰীয়া জিলাখনত ঐতিহাসিক পৰিৱৰ্তন আনিবলৈ আহ্বান জনায় ৷

ইপিনে জিলাখনৰ প্ৰতিটো দুৰ্গম এলেকা আৰু চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ঠাই সমূহত উন্নয়নৰ পোহৰ দেখুওৱাটোৱেই হ'ল টীম কাৰ্বি আংলঙৰ মূল উদ্দেশ্য ৷ নিবনুৱা সমস্যা সমাধানৰ স্বাৰ্থত পশ্চিম কাৰ্বি আংলং জিলাত ২৪০০ পদ সৃষ্টি কৰা হৈছে ইয়ে বহু পৰিমাণে নিবনুৱা সমস্যা সমাধান হ'ব বুলি কয় তুলিৰাম ৰংহাঙে ৷ আনহাতে দীৰ্ঘদিনীয়া জিলাখনৰ মূলদাবী ভাৰতীয় সংবিধানৰ অনুশ্চেদ ২৪৪(ক) অনুসৰি এখন স্বায়ত্ত ৰাজ্য লাভ কৰা সকলো জাতিগোষ্ঠীয় দল- সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাতহে সম্ভৱ বুলি কোৱাৰ লগতে সকলোকে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ তেওঁ জিলাখনৰ পিতৃপুৰুষ ছেমছনছিং ইংতি, খৰছিং তেৰাঙ আৰু ছামছিং তেৰাঙৰ জিলা গঠন প্ৰক্ৰিয়াত স্বীকাৰ কৰা ত্যাগৰ শলাগ লয় ৷ লগতে ডিফু চহৰৰ বাট পথ আৰু আন্তঃগাঁঠনি সমূহ তাৰালাংছৰ বাট-পথৰ আদৰ্শৰ দৰে জিলিকাই তোলা হ'ব বুলি কয় ৷

ইয়াৰোপৰি অধিবেশনত উপস্থিত থকা সাংসদ হৰেণছিং বে'ই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰশংসাত পঞ্চমুখ হৈ তুলিৰাম ৰংহাঙক প্ৰভু ৰামচন্দ্ৰৰ সৈতে তুলনা কৰে ৷ প্ৰভু ৰামচন্দ্ৰই যেনেকৈ সকলো প্ৰজাক সমদৃষ্টিৰে চাই ৰামৰাজ্য প্ৰতিষ্ঠা কৰি সু- শাসন প্ৰৱৰ্তন কৰিছিল তেনেদৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও জিলাখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সমদৃষ্টিৰে উন্নয়ন আৰু বিকাশৰ দিশে আগুৱাই লৈ গৈছে বুলি কয় ৷

আনহাতে পৱিত্ৰ প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত জিলাখনৰ বিধায়ক সকল উপস্থিত নথকা কাৰ্যকলৈ ক্ষোভ উজাৰে সাংসদ গৰাকীয়ে ৷ কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগত জিলাখনৰ প্ৰতিষ্ঠাপক পিতৃ- পুৰুষ ছেমছিং ইংতি, খৰছিং ইংতিৰ প্ৰাতিকৃতিত পুৰণি আৰু নতুন উদ্যানত পুষ্পাঞ্জলি আৰু ধূপ -ধূনাৰে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে গুণমুগ্ধ সকলে ৷ ইয়াৰ পিছত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ ওচৰত সাংসদ হৰেণছিং বে'ৰ উপস্থিতিত কাৰ্বি আংলং জিলা গঠন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ছাৰছিং টেৰণ আৰু সম্পাদক ছেমছনছিং ইংতিৰ প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

লগতে পঢকঃ প্ৰতিবাদৰ নামত সামাজিক দূৰত্বৰ নীতি উলংঘা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.