ETV Bharat / state

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ

author img

By

Published : Aug 14, 2020, 1:16 PM IST

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বেঞ্জামিন তেৰাঙৰ ৷ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ হায়াত হাস্পতালত মৃত্যুক সাৱতি লয় অধ্যক্ষগৰাকীয়ে ৷

Diphu Boy's Higher Secondary principal died out of COVID 19
কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ

ডিফু, 14 আগষ্টঃ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱতিলে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বেঞ্জামিন তেৰাঙ ৷ ইতিমধ্যেই পাহাৰীয়া জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ কিন্তু ইয়াৰ মাজতে বেঞ্জামিন তেৰাঙৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে ৷ ২০১১ চনতে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল বেঞ্জামিন তেৰাঙে ৷

ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ মৃত্যু

উল্লেখ্য যে, বিগত 1 আগষ্টত তেখেতৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰাত তেখেতক ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেৰাঙক গুৱাহাটীৰ হায়াত হাস্পতালত ভৰ্তি কৰা হয় যদিও বৃহস্পতিবাৰে নিশা চিকিৎসালয়তে মৃত্যু হয় তেৰাঙৰ ৷ আনহাতে, তেখেতৰ পত্নী আৰু পুত্ৰও বৰ্তমান ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

অধ্যক্ষগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক বিজয় বে' আৰু থানছিঙ তিমুঙে ৷
লগতে পঢ়ক-চিৰাঙৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.