ETV Bharat / state

কাৰ্বি-ডিমাছা সকল অসমীয়া নহয়: হলিৰাম তেৰাঙ

অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত পাৰ্বত্য জিলাৰ আঞ্চলিক বিৰোধী দল এ এছ ডিচিয়ে স্পষ্ট কৰিলে নিজৰ স্থিতি ৷ ডিফুত সংবাদমেলযোগে সভাপতি হলিৰাম টেৰাঙে অসমীয়া নহলেও কাৰ্বি-ডিমাছা অসমৰ খিলঞ্জীয়া ৷

author img

By

Published : Nov 7, 2019, 12:36 PM IST

কাৰ্বি-ডিমাছা সকল অসমীয়া নহয়: হলিৰাম তেৰাঙ

ডিফু, 7 নৱেম্বৰ: অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিলে পাৰ্বত্য জিলা কাৰ্বি-আংলং আৰু ডিমা হাচাওৰ প্ৰধান বিৰোধী দল এএছডিচিয়ে ৷ বুধবাৰে ডিফুত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি দলৰ হৈ স্থিতি স্পষ্ট কৰিলে সভাপতি হলিৰাম তেৰাঙে ৷ সংবাদমেলত অসমৰ চৰকাৰৰ ঘোষণা অনুসৰি উচ্চ পৰ্যায়ৰ সমিতিখনত অসমৰ সাংস্কৃতিক,সামাজিক,ভাষিক পৰিচয়,ঐতিহ্যৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কথা উল্লেখ কৰাৰ পাছতো তাত কাৰ্বি-ডিমাছাকে ধৰি আন আন পাৰ্বত্য জনজাতি অন্তৰ্ভুক্ত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে হলিৰাম তেৰাঙে ৷ লগতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰণৰ ক্ষেত্ৰত অসমীয়াৰ লগতে পাৰ্বত্য জনজাতি সকলৰ সংৰক্ষণৰো দাবী কৰে দলটোৱে ৷

সংবাদমেল যোগে হলিৰাম তেৰাঙে কয় যে পৰ্বতীয়া কাৰ্বি আৰু ডিমাছা কোনোকালে অসমীয়া নহয় তেওঁলোকৰ এক নিজস্ব জনগোষ্ঠীয় বৈশিষ্ট তথা ৰীতি নীতি আছে,যি অতীজৰে পৰা অসমত বসবাস কৰি আহিছে গতিকে এক ভিত্তিবৰ্ষৰ ভিত্তিত হোৱা খিলঞ্জীয়াৰ সংজ্ঞাৰ আওতাত কাৰ্বি আৰু ডিমাছাসকল নাহে ৷ এই সন্দৰ্ভত ইতিহাসৰ পৃষ্ঠা লুটিয়াই এএছডিচিৰ সভাপতি গৰাকীয়ে কয়, "অসম নামৰ ভূ-খণ্ডটো যেতিয়া আহোম ৰজাই শাসন কৰিছিল সেই আহোম ৰাজ্যৰ সীমাত কাৰ্বি আৰু ডিমাছা জাতি অধ্যুষিত অঞ্চলসমূহ অন্তৰ্ভুক্ত নাছিল,বৰঞ্চ কাৰ্বি আৰু ডিমাছা জাতি সদায়েই স্বাধীন জাতি হিচাপেই জনাজাত আছিল ৷ আনকি বৃটিছৰ দিনটো এই বৃহত্তৰ এলকাটোক বেক বাৰ্ড ট্ৰেক, এক্সক্লুডেড এৰিয়া,পাৰচিয়েলি এক্সক্লুডেড এৰিয়া আদি নামেৰে ভাগ কৰা হৈছিল ৷ গতিকে সেইবাবেই ইয়াত বসবাস কৰা লোকসকলক কোনো কাৰণতে অসমীয়া বুলি অভিহিত কৰিব নোৱাৰি "৷

অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত হলিৰাম তেৰাঙে কয় যে পূৰ্বে প্ৰাগজ্যোতিষপুৰ, কামৰূপ আদি নামেৰে জনাজাত ভূ-খণ্ড যেতিয়াৰে পৰা অসম নামেৰে পৰিচিত হ'ল তেতিয়াৰ পৰা ইয়াত বসবাস কৰা সকলো লোকেই হল অসমীয়া ৷ ইফালে,সাংবাদমেলত বিধানসভা নিৰ্বাচনৰ লগতে স্থানীয় নিৰ্বাচন সমূহতো অসমীয়াৰ লগতে পাৰ্বত্য জনজাতিৰ বাবে সুকীয়া আসনৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাই দলটোৱে ৷ আনহাতে,অ-খিলঞ্জীয়া লোকসকলে লাভ কৰিবলগীয়া ৰাজনৈতিক অধিকাৰ সন্দৰ্ভতো দলটোৱে নিজৰ স্থিতি প্ৰকাশ কৰি কয় অ-খিলঞ্জীয়া লোকক কোনো কাৰণতে ভোটদানৰ অধিকাৰ প্ৰদান কৰিব নালাগে ৷

আৰু পঢ়ক: বিশ্ববিদ্যালয় অনুদান আয়োগৰ 12B status বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ

Intro:অসম চুক্তি ৬ নং দফা সন্দৰ্ভত এএছ ডিচিৰ স্থিতি ৷
---------------------------------------- কাৰবি - ডিমাছা সকল অসমীয়া নহয় ৷

ডিফু, ৬ নৱেম্বৰ:- অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰি দিয়া উচ্চ স্তৰীয় সমিতিৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিছে দুই পাৰ্বত্য জিলাৰ আঞ্চলিক বিৰোধী দল এএছডিচিয়ে ৷ দলটোৰ সভাপতি হলিৰাম তেৰাঙে আজি বিয়লি ডিফুত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি দলৰ স্থিতি স্পষ্ট কৰে ৷ সেই অনুসৰি উচ্চ পৰ্যায়ৰ সমিতি খনত অসমৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয়, ঐতিহ্যৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কথা উল্লেখ কৰা হৈছে যদিও ইয়াত কাৰবি-ডিমাচাকে ধৰি অন্যান্য পাৰ্বত্য জনজাতিক অন্তৰ্ভূক্ত কৰা হোৱা নাই ৷ সেয়েহে অসমীয়াৰ লগতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰণৰ ক্ষেত্ৰত পাৰ্বত্য জনজাতি সকলৰ সংৰক্ষণৰ কথা পৰামৰ্শ আগবঢ়ায় দলটোৱে ৷ লগতে বিধান সভা নিৰ্বাচনৰ লগতে স্থানীয় নিৰ্বাচন সমূহতো অসমীয়াৰ লগতে পাৰ্বত্য জনজাতিৰ বাবে সুকীয়া আসনৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায় দলটোৱে ৷ আনহাতে কাৰবি- ডিমাছা আৰু অন্যান্য পাহাৰীয়া জনজাতি সকল কোনোদিনেই আহোম শাসনৰ লগত অন্তৰ্গত নথকাৰ লগতে বৃটিছৰ কালতো এই এলেকাটোক বেক বাৰ্ড ট্ৰেক , এক্সক্লুডেড এৰিয়া, পৰচিয়েলি এক্সক্লুডেড এৰিয়া আদি নামেৰে ভাগ কৰা হৈছিল ৷ যিহেতুু পাহাৰীয়া জনজাতি সকল কোনো কালেই অসমৰ অন্তৰ্ভুক্ত এলেকাত নাছিলেই সেয়েহে ইয়াত বসবাস কৰা লোক সকলক কোনো কাৰণতে অসমীয়া বুলি অভিহীত কৰিব নোৱাৰি বুলি আঞ্চলিক দলটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷অ-খিলঞ্জীয়া লোকসকলে লাভ কৰিবলগীয়া ৰাজনৈতিক অধিকাৰ সন্দৰ্ভতো দলটোৱে নিজৰ স্থিতি প্ৰকাশ কৰি কয় যে এনে লোকক কোনো নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰা আনকি ভোটদানৰ অধিকাৰৰ পৰা বিৰত থকাৰ দাবী জনায় ৷ খিলঞ্জীয়া সংজ্ঞা সনদৰ্ভত দলটোৰ স্থিতি স্পষ্ট কৰি দলটোৰ সভাপতি তেৰাঙে কয় যে ইয়াত বসবাস কৰি থকা সকলো পাহাৰীয়া জনজাতিয়েই খিলঞ্জীয়া ৷ ইয়াৰ পূৰ্বে প্ৰাগজ্যোতিষপুৰ, কামৰূপ আদি নামেৰে জনাজাত ভূ-খণ্ড যেতিয়াৰে পৰা অসম নামেৰে পৰিচিত হ'ল তেতিয়া ইয়াত বসবাস কৰা সকলো লোকেই অসমীয়া ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*********Conclusion:***********
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.