ETV Bharat / state

জননেতা খৰছিং তেৰাঙৰ ৬৬ সংখ্যক মৃত্যুবার্ষিকী পালন

কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা শনিবাৰে পুৱাই পুৰনি খৰছিং তেৰাং স্মৃতি উদ্যানত প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰা হয় । উদ্যানখনত থকা নেতাগৰাকীৰ প্রতিমূর্তিত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে মাল্যাপণ কৰি শ্রদ্ধা জনােৱাৰ পিছতে নতুন খৰছিং তেৰাং স্মৃতি উদ্যানত প্রয়াত নেতাগৰাকীক স্মৰণ কৰি এক বিশেষ অনুষ্ঠানৰ আয়ােজন কৰা হয় ।

DEATH ANNIVERSARY OF RU KHORSING TERANG
জননেতা খৰছিং তেৰাঙৰ ৬৬ সংখ্যক মৃত্যুবার্ষিকী পালন
author img

By

Published : Nov 28, 2020, 8:59 PM IST

ডিফু,28 নৱেম্বৰঃ কার্বি আংলং জিলা গঠনৰ অন্যতম কাণ্ডাৰী, সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলাৰ প্রথমগৰাকী মুখ্য কার্যবাহী সদস্য, কাৰ্বি আংলঙৰ প্রাণ প্রতিষ্ঠাপক, জননেতা খৰছিং তেৰাঙৰ ৬৬ সংখ্যক স্মৃতি দিৱসত প্রয়াত নেতাগৰাকীক শনিবাৰে সশ্রদ্ধ স্মৰণ কৰা হয় ।

কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা শনিবাৰে পুৱাই পুৰনি খৰছিং তেৰাং স্মৃতি উদ্যানত প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰা হয় । উদ্যানখনত থকা নেতাগৰাকীৰ প্রতিমূর্তিত কার্বি আংলং স্বায়ত্বশাসিত পবিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে মাল্যাপণ কৰি শ্রদ্ধা জনােৱাৰ পিছতে নতুন খৰছিং তেৰাং স্মৃতি উদ্যানত প্রয়াত নেতাগৰাকীক স্মৰণ কৰি এক বিশেষ অনুষ্ঠানৰ আয়ােজন কৰা হয় । উক্ত অনুষ্ঠানত আয়ােজন কৰা সর্বধর্ম প্রার্থনাত কাচাৰহে, গীতা, বাইবেল, কীর্তন, লখিমন প্রার্থনা, গুৰু গ্রন্থচাহিব, কোৰাণ আদি পাঠ কৰা হয়। অনুষ্ঠানত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কেইবাগবাকী কার্যবাহী সদস্য আৰু পৰিষদীয় সদস্য উপস্থিত থাকে ।

DEATH ANNIVERSARY OF RU KHORSING TERANG
জননেতা খৰছিং তেৰাঙৰ ৬৬ সংখ্যক মৃত্যুবার্ষিকী পালন

আনহাতে, অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কার্যালয় ৰাংছিনা ভৱনতাে আজি প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধা জনাই এক অনুষ্ঠানৰ আয়ােজন কৰা হয় । পুৱা ৯ বজাত অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কার্যালয় ৰাংছিনা ভৱনত ডিফু সাহিত্য সভাৰ সদস্য তথা পূর্বাঞ্চল তাই সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি পুতুল চেতিয়াই বন্তি প্রজ্জলেনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত ৰাংছিনা ভৱন অৱৰক্ষণ সমিতিৰ সভাপতি অতনু দেই জননেতা খৰছিং তেৰাঙৰ প্রতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে পুষ্পাঞ্জলি অর্পণ কৰে । শ্রদ্ধাঞ্জলি অনুষ্ঠানত ডিফু সাহিত্য সভাৰ সভাপতি অজিত ছিংনাৰ, অসম সাহিত্য সভাৰ ডিফু আঞ্চলিকৰ সম্পাদক জয়ছিং টকবি, কেন্দ্রীয় সমিতিৰ সদস্য পাৰি ৰংপি, দেবেন কাকতি, ডাঃ ব্রহ্মানন্দ বৰা, অৱৰক্ষণ সমিতিৰ সদস্য ধনীৰাম তিচ, ৰাজ্যিক আৰু মাতৃভাষা প্রয়ােগ উপ-সমিতিৰ আঞ্চলিক আহ্বায়ক ভৱপ্রসাদ দেউৰী, কার্বি কর্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দিলীপ ৰংপিকে ধৰিভালেসংখাকলােক উপস্থিত থাকে ।

লগতে পঢ়কঃচাপৰত পথ দুৰ্ঘটনাত থিতাতে নিহত সাত বছৰীয়া ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.