ETV Bharat / state

ডিফুত নিৰ্বাচন সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল - ডিফুত নিৰ্বাচন সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল

দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সন্দৰ্ভত সোমবাৰে ডিফুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী বিষয়া জিণ্টু বৰাৰ উপস্থিতিত উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই সম্বোধন কৰে এক সংবাদমেল ৷

ডিফুত নিৰ্বাচন সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল

author img

By

Published : Mar 30, 2021, 12:09 PM IST

ডিফু,৩০ মাৰ্চ: সোমবাৰে ডিফুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সন্দৰ্ভত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিন্হাই সম্বোধন কৰে এক সংবাদমেল ৷ নিৰ্বাচনী বিষয়া জিণ্টু বৰাৰ উপস্থিতিত উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া কেনেদৰে চলিছে সেই সম্পৰ্কত আলোচনা কৰে ৷

১৮ নং হাওৰাঘাট আৰু ১৯ নং ডিফু (জনজাতীয়)বিধানসভা সমষ্টিৰ বাবে জিলা নিৰ্বাচনী বিষয়াই ২,৩০৮ গৰাকী প'লিং আৰু প্ৰিজাইডিং বিষয়াক বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দি ৫০০ ভোটকেন্দ্ৰত নিযুক্তিৰ ব্যৱস্থা কৰে ৷ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৩০ মাৰ্চত ১৭৬ গৰাকী প'লিং আৰু প্ৰিজাইডিং বিষয়াই দুৰ্গম তথা পাহাৰৰ ভিতৰুৱা অঞ্চলৰ ৪৪ টা ভোট কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ কৰিব ৷ ৩১ মাৰ্চত বাকী থকা ৭৫ টা অক্সিলিয়াৰী ভোটকেন্দ্ৰসহ ৪৫৬ টা ভোট কেন্দ্ৰৰ বাবে প'লিং বিষয়াসকলে যাত্ৰা কৰিব ৷ ২,৪০৮ গৰাকী প'লিং আৰু প্ৰিজাইডিং বিষয়াই ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিত ১,৩২,৩৩৯ গৰাকী ভোটাৰ আৰু ১৯ নং ডিফু বিধানসভা সমষ্টিত ১,৯৯,৯৮৩ গৰাকী ভোটাৰক সামৰি ল’ব ৷

নিৰাপত্তাৰ বাবে আৰক্ষীয়ে প'লিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ সৈতে যাত্ৰা কৰিব ৷ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত পৰিবহণ কোষৰ ভূমিকা শলাগ ল’বলগীয়া ৷ সংবাদ মেলযোগে এই কথা সদৰী কৰিছে জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিন্হাই ৷

একেদৰে নিৰ্বাচনী আচৰণ বিধি সঠিকভাৱে ৰূপায়ণ কৰাৰ সন্দৰ্ভত চকু ৰাখিবলৈ ফ্লায়িং স্কোৱাড আৰু ষ্টেটিষ্টিক স্কোৱাড মোতায়েন কৰা হৈছে ৷ হাওৰাঘাট আৰু ডিফুৰ বাবে ৯ টাকৈ এই দল নিযুক্ত কৰা হৈছে ৷ তেওঁলোকৰ নিয়মীয়া তালাচীত জিলাখনত ২২,৮৫,০৩৪ লাখ টকা জব্দ কৰা হৈছে ৷ ইয়াৰোপৰি অবৈধ ড্ৰাগছ আৰু সুৰাও জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বিজনীত নিৰ্বাচনী প্ৰচাৰত এজেপিৰ নেত্ৰী জেৰিফা ৱাহিদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.