ETV Bharat / state

ডিফুত কংগ্ৰেছৰ 'অসম বচাও' অভিযান

author img

By

Published : Feb 27, 2021, 6:51 PM IST

কংগ্ৰেছৰ 'অসম বচাও' অভিযানৰ অংশ হিচাপে ডিফুত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ । নির্বাচনত টিকট বিচৰাৰ অধিকাৰ সকলােৰে আছে যদিও জনতাৰ মাজত অধিক গ্রহণযােগ্যতা থকা প্রার্থীয়েহে প্রার্থিত্ব লাভ কৰিব বুলি মন্তব্য সাংসদ সুস্মিতা দেৱৰ ।

ডিফুত কংগ্ৰেছৰ 'অসম বচ়াও' অভিযান
ডিফুত কংগ্ৰেছৰ 'অসম বচ়াও' অভিযান

ডিফু, ২৭ ফেব্রুৱাৰী : ২০২১ ৰ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যজুৰি কংগ্রেছ দলে 'অসম বচ়াও' অভিযান আৰম্ভ কৰিছে । বিগত এসপ্তাহে ধৰি বৰাক উপত্যকাত 'অসম বচাও' অভিযান শীৰ্ষক কাৰ্যসূচী অব্যাহত থকাৰ সময়তে শনিবাৰে কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো আৰম্ভ কৰা হয় 'অসম বচাও' অভিযান । কংগ্রেছ দলৰ প্ৰাক্তন লােকসভাৰ সাংসদ সুস্মিতা দেৱ এই অভিযানত উপস্থিত থাকে । বৰাক উপত্যকাৰ বিধানসভা সমষ্টিসমূহ ভ্রমণ কৰি হাফলঙৰ পৰা শনিবাৰে ডিফু চহৰত উপস্থিত হয় এই কাৰ্যসূচী ।

ডিফুত কংগ্ৰেছৰ 'অসম বচ়াও' অভিযান
ডিফুত কংগ্ৰেছৰ 'অসম বচ়াও' অভিযান

কংগ্রেছ সাংসদগৰাকীয়ে পুৱা ডিফুৰ মাজমজিয়াত থকা জননেতা চেমছনছিং ইংতিৰ প্রতিকৃতিত শ্রদ্ধা জ্ঞাপন কৰাৰ পিছতে ডিফুৰ শীতলা মন্দিৰ, বাৰোৱাৰী দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ, গীর্জা আদিত উপস্থিত হৈ আশিষ লােৱা পৰিলক্ষিত হয়,। ইয়াৰ পিছতে কাৰ্বি আংলং জিলা কংগ্রেছৰ কার্যালয়ত সাংসদগৰাকীয়ে এক যুটীয়া বর্ধিত কার্যনির্বাহক সভাতাে অংশগ্রহণ কৰে । উক্ত সভাৰ পিছতে হাওৰাঘাটত এখন বাজহুৱা সভাতাে সাংসদগৰাকীয়ে অংশ লােৱা বুলি জানিব পৰা গৈছে ।

ডিফুত কংগ্ৰেছৰ 'অসম বচ়াও' অভিযান
ডিফুত কংগ্ৰেছৰ 'অসম বচ়াও' অভিযান

ইফালে, সাংবাদিকৰে হােৱা বার্তালাপত সাংসদগৰাকীয়ে নির্বাচনত টিকট বিচৰাৰ অধিকাৰ সকলােৰে আছে যদিও জনতাৰ মাজত অধিক গ্রহণযােগ্যতা থকা প্রার্থীয়েহে প্রার্থিত্ব লাভ কৰিব বুলি কয় । ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ সন্দর্ভত মন্তব্য কৰি সাংসদগৰাকীয়ে আঞ্চলিক দল হিচাপে ৰাষ্ট্রীয় দল কংগ্রেছৰ সৈতে মিত্রতা কৰিলে আঞ্চলিক দলসমূহেই অধিক উপকৃত হ'ব বুলি কয় । সাম্প্রদায়িক আৰু বিভাজনৰ ৰাজনীতি কৰা বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে অৱস্থান কৰা সকলাে দলকে মহাজোঁটলে স্বাগতম জনাই সাংসদগৰাকীয়ে আগন্তুক নির্বাচনত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ১০১ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ।

লগতে পঢ়ক:নিৰ্বাচনী অধিসূচনা : বৰপেটা প্ৰশাসনে আঁতৰালে চৰকাৰী বেনাৰ পোষ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.