ETV Bharat / state

NRC ৰ কথা কাৰ্বি আংলঙত পাতিব পৰা বিষয় নহয় : মুখ্যমন্ত্ৰী - KAAC election 2022

বকলীয়াঘাটত ১০ সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (KAAC election campaign in Karbi Anglong) ৷ NRC ৰ কথা কাৰ্বি আংলঙত পাতিব পৰা বিষয় নহয়, দিছপুৰত বহিহে আলোচনা কৰিব লাগিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

KAAC election campaign
KAAC election campaign
author img

By

Published : Jun 1, 2022, 10:33 PM IST

ডিফু, ১ জুন : বুধবাৰে কাৰ্বি আংলঙত ৪ খনকৈ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি জিলাখনত বিজেপিৰ অভূতপূৰ্ব বিজয় সাব্যস্ত হোৱাৰ লগতে জিলাখনত নিৰ্বাচনৰ সময়ত এক উৎসৱমূখৰ পৰিৱেশ সৃষ্টি হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (KAAC election campaign in Karbi Anglong)৷ বিজেপি দলে কাৰ্বি পৰিষদীয় নিৰ্বাচনত বিজেপিৰ শীৰ্ষ নেতৃত্বৰে সৰ্বশক্তি প্ৰয়োগ কৰি মাৰাথন প্ৰচাৰ সভা চলাই গৈছে পাহাৰীয়া জিলাখনত (KAAC election 2022)৷

বুধবাৰে চাৰিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকীয়ে বিজেপি প্ৰাৰ্থী জয়ী হ’ব আশা প্ৰকাশ কৰে ৷ বকলীয়াঘাটত দহ সহস্ৰাধিক সমৰ্থকৰ অংশ গ্ৰহণেৰে অন্তিমখন সভাত লাংফেৰ আৰু সিংহাসন সমষ্টিৰ বিজেপি প্ৰাৰ্থী মধুৰাম লেকথে আৰু অমৰছিং তিছ'ৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে ৷ সাংবাদিকৰে সৈতে বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে সমষ্টি দুটাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে ৷

প্ৰাৰ্থিত্ব লাভ নকৰাসকলকো ৰাজনৈতিক সংস্থাপনৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

প্ৰতিখন সভাত মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে ৰাইজে বেৰিকেড অতিক্ৰমী মুখ্যমন্ত্ৰীৰ কাষ চাপি ভাষণ শুনা পৰিলক্ষিত হয় ৷ মুখ্যমন্ত্ৰীয়ে পুনৰ পৰিষদ বিজেপিয়ে দখল কৰিব বুুুুলি উল্লেখ কৰে । কাৰ্বি আংলঙত বিৰোধী নাই বুলিও তেওঁ কয় ৷ ইয়াৰোপৰি NRC ৰ কথা কাৰ্বি আংলঙত পাতিব পৰা বিষয় নহয়, দিছপুৰত বহিহে আলোচনা কৰিব লাগিব মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : UTLA cadres surrender : মণিপুৰত অধ্যক্ষসহ ১৪ UTLA কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.