ETV Bharat / state

CM at Diphu: সাহিত্যিক ৰংবং তেৰাঙৰ গৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 16, 2023, 9:40 PM IST

বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙৰ গৃহত মুখ্যমন্ত্ৰী । ৰংমিলিৰ হাঁহিৰ কাহিনীৰ পটভূমিৰ পৰা সাহিত্য সৃষ্টিৰ আলোচনা কৰি অভিভুত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী । স্ব-গৃহতে উপস্থিত হোৱাত সুখী বুলি ব্যক্ত কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে ।

CM Himanta Biswa Sarma at Rangbong Terang house
ৰংবং তেৰাঙৰ গৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিফু,১৬ জুন: শুকুৰবাৰে ডিফুত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকী পুৱাই ডিফুত উপস্থিত হৈ পোনে পোনে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰংমিলিৰ হাঁহিৰ দৰে কালজয়ী উপন্যাসৰ স্ৰষ্টা ৰংবং তেৰাঙৰ গৃহত উপস্থিত হয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে নিৰ্মাণ কৰি দিয়া সাহিত্যিকগৰাকীৰ পুথিভঁৰালটোৰ কিতাপসমূহ অতি আগ্ৰহেৰে নিৰীক্ষণ কৰে ৷

তাৰ পিছতে ৰংবং তেৰাঙৰ লগত প্ৰায় আধা ঘন্টা মুখ্যমন্ত্ৰীয়ে সৃষ্টিশীল কৰ্মৰ বিষয়ে আলোচনা কৰে ৷ মুখ্যমন্ত্ৰীয়ে বিশিষ্ট সাহিত্যিকগৰাকীক সোধে যে ৰংমিলি হাঁহিত বৰ্ণনা কৰা গাঁওখন ডিফুৰে নে ? বৰেণ্য সাহিত্যিকগৰাকীয়ে বৈঠালাংচ’ৰ গাঁওখনৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰীক ৷ শেহতীয়া সৃষ্টি কি সোধাত মুখ্যমন্ত্ৰীক ৰূপতালীন নামৰ নাটকখনৰ ছপা গ্ৰন্থখন তেখেতে মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়ে ৷

পদ্মশ্ৰী সন্মান লাভ কৰোতে দিয়া পত্ৰখন চুই চাই মুখ্যমন্ত্ৰীয়ে তেতিয়া এই বঁটা লওঁতে এদিন আগতেই ৰিহাচেল কৰাইনে জানিব বিচাৰে ৷ এইদৰে প্ৰায় আধা ঘন্টা মুখ্যমন্ত্ৰী আৰু সাহিত্যিক ৰংবং তেৰাঙৰ মাজত কেৱল সৃষ্টিশীল কৰ্মৰ বিষয়ে আলোচনা হয় ৷ মুখ্যমন্ত্ৰী আহি উপস্থিত হওঁতেই সাহিত্যিক তেৰাঙে কয় ‘‘ মই বৰ সুখী ৷ কিন্তু মোৰ দৰে সৰু মানুহৰ ঘৰলৈ আপুনি আহিব বুলি জানি মই ভয়েই খাইছিলোঁ ৷ ’’

মুখ্যমন্ত্ৰীৰ উত্তৰ ‘‘ খুড়া ডিফুলৈ আহিয়ে থাকোঁ কিন্তু আপোনাৰ ঘৰলৈ অহা হোৱা নাই ৷ কেইবাবাৰো আহিম বুলি মিলা নাই ৷ সেয়ে আজি পোনে পোনে আপোনাৰ তালৈ আহিছোঁ ’’ বুলি উল্লেখ কৰে ৷

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ৰংবং তেৰাঙৰ আৰ্শীবাদ বিচাৰি আহিছিল। আনহাতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে ‘‘তেওঁ মোৰ ঘৰলৈ আহি তেখেতে মোৰ সৃষ্টিৰাজীৰ খবৰ ল’লে ’’ ৷ মুখ্যমন্ত্ৰী আৰু বৰেণ্য সাহিত্যিক গৰাকীৰ এই অন্তৰংগ আলাপৰ সময়ত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু লেখক, সাংবাদিক পবিত্ৰ বৰাও উপস্থিত থাকে ৷

লগতে পঢ়ক: Ranoj Pegu on AASU: কোচিং চেন্টাৰৰ জালত নপৰিবলৈ আছুক সাৱধানবাণী শিক্ষামন্ত্ৰী ডাঃ পেগুৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.