ডিফু, ২৮ মাৰ্চঃ শনিবাৰে কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত কাৰ্বি আংলঙত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই সম্পৰ্কে বুজ ল'বলৈ ডিফুত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ডিফুৰ আৱৰ্ত ভৱনত উপস্থিত হৈ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ প্ৰস্তুতি সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ আলোচনাত পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম' ৰংহাঙ, কাৰ্বি আংলঙৰ স্বায়ত্ত শাসিত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীও উপস্থিত থাকে ৷ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰে ৷
লগতে পঢ়কঃ হাইলাকান্দিৰ উপায়ুক্তৰে বৈঠক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ