ETV Bharat / state

বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনৰ বিৰুদ্ধে সৰৱ চিচিইউ

author img

By

Published : Mar 20, 2021, 5:19 PM IST

কাৰ্বি আংলং জিলাৰ ১৭ নং বোকাজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনে জিলাখনৰ জাতি-জনগোষ্ঠীৰ মাজৰ একতা ভংগ কৰা চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে কনভেনিং কমিট ফৰ ইউনিফিকেছনে । ডাঃ নোমল মমিনৰ দৰে লোকক টিকট প্ৰদান কৰি বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰাৰো অভিযোগ তুলিলে সংগঠনটোৱে । লগতে বিজেপিৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন নকৰিবলৈও ৰাইজক আহ্বান জনালে কনভেনিং কমিট ফৰ ইউনিফিকেছনে ।

ডাঃ নোমল মমিনৰ সপক্ষে ভোটদান নকৰিবলৈ ৰাইজক আহ্বান চিচিইউৰ

ডিফু,২০ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ্বি আংলং জিলাৰ ১৭ নং বোকাজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিভিন্ন দল-সংগঠন । যোৱা ১৬ মাৰ্চত কেএছএকে ধৰি ৬ টা জাতীয় সংগঠনে বোকাজানৰ বিজেপি প্ৰাৰ্থীগৰাকী বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতিলৈ মুকলি সমৰ্থন দিয়াৰ পিছতে শুকুৰবাৰে কনভেনিং কমিট ফৰ ইউনিফিকেছন চমুকৈ চিচিইউ ডাঃ নোমল মমিনৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

শুকুৰবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ সম্বোধন কৰি ডাঃ মমিনৰ বিপক্ষে স্থিতি স্পষ্ট কৰে সংগঠনটোৱে ৷ এই সংবাদমেলত চিচিইউৰ মুখ্য আহ্বায়ক ছায়চিং ৰংপি আৰু উপ-আহ্বায়ক ৰবীন্দ্ৰ ৰংপিয়ে কয় যে, ধুমকেতুৰ দৰে আভিৰ্ভাৱ হোৱা ডাঃ নোমল মমিনক বিজেপিয়ে বোকাজানৰ প্ৰাৰ্থী হিচাপে বাছনি কৰাটো সঠিক সিদ্ধান্ত নাছিল ৷ সংগঠনটোৰ অভিযোগ অনুসৰি, ডাঃ মমিনে তেওঁৰ কাৰ্যকালত সমষ্টিৰ উন্নয়নলৈ পিঠি কেৱল সাম্প্ৰদায়িক ৰাজনীতিত লিপ্ত আছিল ৷

তেওঁৰ কামৰ জৰিয়তে কাৰ্বি আংলঙৰ জাতি-জনগোষ্ঠীৰ মাজত কেৱল বিভাজনমুখী ৰাজনীতিৰ ছবিহে প্ৰতিফলিত হৈছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ ডাঃ নোমল মমিনে কাৰ্বি আংলঙত বসবাস কৰা অনান্য ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ বাবে আঞ্চলিক পৰিষদ গঠন কৰাৰ বাবে ৰাজ্যপালৰ দ্বাৰস্থ হোৱা কাৰ্যক লৈও ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই ৷

উন্নয়নৰ ফটা ঢোল বজাই থকা ডাঃ মমিনে গ্ৰামাঞ্চলৰ দুৰ্গম এলেকাৰ বাট-পথ, শিক্ষা আৰু আৰ্থ সামাজিক দিশত কিমান উন্নয়ন সাধন কৰিলে বুলিও সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে । বিধানসভা নিৰ্বাচনত ডাঃ নোমল মমিনৰ সপক্ষে ভোটদান নকৰিবলৈ বোকাজানৰ ভোটাৰক আহ্বান জনায় কনভেনিং কমিট ফৰ ইউনিফিকেছনে ৷

লগতে পঢ়ক: ধুবুৰীত বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ মনোনয়ন পত্ৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.