ETV Bharat / state

বোকাজানৰ ডিলাইত মৰণাস্ত্ৰসহ আটক ৪ চোৰাং চিকাৰী - bokajaan poacher

মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰা উক্ত দলটোৱে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা কাৰ্বি পাহাৰৰ ঘন অৰণ্যত বন্যপ্ৰাণীৰ চিকাৰ কৰিবলৈ আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

বোকাজানৰ ডিলাইত মৰণাস্ত্ৰসহ আটক ৪ চোৰাং চিকাৰী
author img

By

Published : Jun 29, 2019, 7:51 PM IST

ডিফু, 29 জুনঃ

  • বোকাজানৰ ডিলাইত মাৰণাস্ত্ৰসহ আটক ৪ চোৰাং চিকাৰী
  • কাৰ্বিং আংলং জিলাৰ ডিলাই আৰক্ষীৰ জালত পৰিল চোৰাং চিকাৰীৰ দলটো
  • ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰণজিৎ হাজৰিকাৰ নেতৃত্বত অভিযান চলাইছিল আৰক্ষীয়ে
  • অভিযানত আটক ক্ৰমে হোমেন আও (৪০), বিনোদ বসুমতাৰী (২৭), আখাট' চাকচন (২৭) আৰু হছেট' জিম' (৪৬)
  • অভিযানত আৰক্ষীয়ে জব্দ কৰে এন এল-০২-চিএ-০৯০৬ নম্বৰৰ নীলা ৰঙৰ এখন মাৰুতি গাড়ী
  • এটা পইন্ট ২২ ৰাইফল, এটা মেগজিন, ৮০ জাঁই সজীৱ গুলী, ১২ বৰ ৰাইফলৰ ২০ জাঁই সজীৱ গুলী, তিনিটা ম'বাইল হেণ্ডছেট
  • লগতে জব্দ তিনিটা টৰ্চলাইটৰ লগতে দীপাৱলীত ফুটুওৱা ভালেকেইটা ব'ম
  • অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে

Intro:*বোকাজানৰ ডিলাইত মাৰণাস্ত্ৰসহ ৪ চোৰাং চিকাৰী আটক*

ডিফু ২৯ জুনঃ-*কাৰবি আংলং জিলাৰ ডিলাই আৰক্ষীৰ জালত পৰিল অস্ত্ৰ- শস্ত্ৰ সহ এক চোৰাং চিকাৰীৰৰ দল ৷ প্ৰাপ্ত খবৰ অনুসৰি কালি নিশা বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰণজিৎ হাজৰিকাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অসম-নগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰিজানৰ পহৰা আৰক্ষী চকীৰ সমীপৰ পৰা মাৰণাস্ত্ৰসহ ৪ জন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোক কেইজন হৈছে ক্ৰমে হোমেন আও (৪০), বিনোদ বসুমতাৰী (২৭), আখাট' চাকচন (২৭) আৰু হছেট' জিম' (৪৬)। উল্লেখ্য যে আৰক্ষীয়ে উক্ত অস্ত্ৰধাৰী দলটোক আটক কৰাৰ লগতে এন এল-০২-চিএ-০৯০৬ নম্বৰৰ নীলা ৰঙৰ এখন মাৰুতি গাড়ীত এটা পইন্ট ২২ ৰাইফল, এটা মেগজিন, ৮০ জাঁই সজীৱ গুলী, ১২ বৰ ৰাইফলৰ ২০ জাঁই সজীৱ গুলী, তিনিটা ম'বাইল হেণ্ডছেট, তিনিটা টৰ্চলাইটৰ লগতে দীপাৱলীত ফুটুওৱা ভালেকেইটা ব'ম উদ্ধাৰ কৰে। উল্লেখ্য যে আৰক্ষীৰ জালত পৰা মাৰণাস্ত্ৰসহ উক্ত দলটোৱে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা কাৰ্বি পাহাৰৰ ঘন অৰণ্যত বন্যপ্ৰাণীৰ চিকাৰ কৰিবলৈ আহিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে ডিলাই আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন লোক কেইজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
ছাইদুল ইছলাম, ডিফুBody:**************---Conclusion:****************
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.