ETV Bharat / state

Press Meet of Karbi Anglong BJP: দুৰ্নীতিত জড়িত নহয় কোনো বিজেপি নেতা; দাবী কাৰ্বি আংলং জিলা বিজেপিৰ - Karbi Anglong district BJP

চাৰিলেনযুক্ত পথ নিৰ্মাণত ভূমি কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কাৰ্বি আংলঙত ৷ এই কেলেংকাৰীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্য আৰু মুখ্য কাৰ্যবাহী সদস্যক সাঙুৰি লোৱা কাৰ্যক উদ্দেশ্য প্ৰণোদিত আখ্যা কাৰ্বি আংলং জিলা বিজেপিৰ ৷ কেলেংকাৰীত কোনো বিজেপি নেতা জড়িত নহয় বুলি দাবী কাৰ্বি আংলং জিলা বিজেপিৰ (Press Meet of Karbi Anglong District BJP)।

Press Meet of Karbi Anglong District BJP
কাৰ্বি আংলং জিলা বিজেপিৰ সংবাদমেল
author img

By

Published : Mar 20, 2023, 12:41 PM IST

Updated : Mar 20, 2023, 9:08 PM IST

কাৰ্বি আংলং জিলা বিজেপিৰ নেতৃত্ব

ডিফু, 19 মাৰ্চ: কাৰ্বি আংলং জিলাৰ মাজেৰে নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত পথ নিৰ্মাণত বিয়াগোম ভূমি কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷ এই কেলেংকাৰীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্য আৰু মুখ্য কাৰ্যবাহী সদস্যক সাঙুৰি লোৱা কাৰ্যক উদ্দেশ্য প্ৰণোদিত আখ্যা কাৰ্বি আংলং জিলা বিজেপিৰ ৷ এই অভিযোগ সন্দৰ্ভত কাৰ্বি আংলং জিলা বিজেপিয়ে যোৱা 19 মাৰ্চ, দেওবাৰে এখন সংবাদমেল আয়োজন কৰে ৷ জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিং আৰু ৰাজ্যিক এছটি মৰ্চাৰ সম্পাদক লংছিং টকবিয়ে সম্বোধন কৰে সংবাদমেল (Allegations of land scam)

সংবাদমেলত একাংশ লোকে মিছা তথ্যৰ ওপৰত ভিত্তি কৰি এই পথ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ তোলা বুলি দাবী কৰে কাৰ্বি আংলং জিলা বিজেপিয়ে ৷ সংবাদমেলযোগে জিলা সভাপতি কিলিঙে কয় যে, চাৰিলিনযুক্ত পথ নিৰ্মাণত বিশেষকৈ চৰকাৰী মাটি দখল কৰি ক্ষতিপূৰণ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ক্ষেত্ৰত আমি ক'ব বিচৰো যে চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত যি বিভাগৰ ভূমি অধিগ্ৰহণ কৰা হৈছে সেই বিভাগেহে ক্ষতিপূৰণৰ ধন লাভ কৰিব । যদি কিবা অনিয়ম হৈছে তেনেহ'লে এই ক্ষেত্ৰত পৰিষদৰ ভূমি অধিগ্ৰহণ সম্পৰ্কীয় বিভাগীয় কৰ্তৃপক্ষ আছে আৰু তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে তেওঁ (BJP leader accused of land scam in Karbi Anglong)৷

এতিয়ালৈকে কোনো বিজেপি নেতাই ভয়-ভাবুকিৰে কোনো ক্ষতিগ্ৰস্ত লোকৰ ভূমি দখল কৰাৰ অভিযোগ চৰকাৰীভাৱে লাভ নাই কৰা আৰু ব্যক্তিগতভাৱে কোনো ব্যক্তিয়ে এনে দাবী কৰা নাই বুলি উল্লেখ কৰে তেওঁলোকে ৷ এয়া কেৱল দুষ্টচক্ৰৰ প্ৰচাৰ বুলি অভিহিত কৰে জিলা সভাপতিগৰাকীয়ে ৷

লংছিং টকবিয়ে উল্লেখ কৰে যে, মহাজন ক্ৰ' নামৰ ব্যক্তিগৰাকীয়ে তথ্যহীন অভিযোগ উত্থাপন কৰি কৈছে যে শিলভেটা ৰিজাৰ্ভৰ মাটিত 1975 চনতে তেওঁলোকে মাটিৰ পট্টা লাভ কৰিছিল আৰু বৰ্তমান তেওঁলোক ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈছে ৷ এই সন্দৰ্ভত অসম চৰকাৰে প্ৰকাশ কৰা গেজেট নটিছ প্ৰদৰ্শন কৰি টকবিয়ে কয় যে, 30 জানুৱাৰী 1971 চনতে জিলা পৰিষদে ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিছিল । তেতিয়া কোনো চৰকাৰী বিষয়াই অকৰ্তৃত্বশীলভাৱে যদি কাৰোবাক মাটিৰ পট্টা প্ৰদান কৰিছিল তেনেহ'লে এতিয়াৰ পৰিষদৰ নেতৃবৰ্গ কেনেদৰে দোষী হ'ল বুলিও মন্তব্য কৰে তেওঁ (BJP leader press meet in Karbi Anglong) ৷

এই ক্ষেত্ৰত যদি কোনো ব্যাক্তিয়ে সঁচাকৈ তেওঁৰ পট্টা মাটিৰ বিপৰীতে ক্ষতিপূৰণ লাভ কৰা নাই, তেন্তে তেনে ব্যক্তিক জিলা বিজেপিক এই সন্দৰ্ভত অভিযোগ দিয়াৰ আহ্বান জনাই নেতাদ্বয়ে ৷ লগতে এই ক্ষেত্ৰত জিলা বিজেপিয়ে সকলো প্ৰকাৰৰ সহযোগিতা কৰিবলৈ সাজু আছে বুলিও উল্লেখ কৰে (Scam allegation against KAAC CEM)।

চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত এতিয়ালৈকে 495 কোটি টকা ক্ষতিপূৰণৰ নামত আৱণ্টন দিয়া হৈছে আৰু 470 কোটি টকাৰো অধিক ক্ষতিপূৰণ দিয়া হৈছে আৰু এয়া সম্পূৰ্ণ তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰিছে, লগতে উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ বাবে কিছু সংখ্যক লোকে ক্ষতিপূৰণ লাভ কৰা নাই বুলি মন্তব্য কৰে নেতাদ্বয়ে ।

আনহাতে, পৰিষদৰ কিছু বিষয়াই এই দুষ্টচক্ৰক বে-আইনীভাৱে ভুল তথ্য প্ৰদান কৰা বুলি অভিযোগ আনি এনে বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও টকবিয়ে সদৰি কৰে ৷ লগতে জিলাখনৰ এগৰাকী আৰটিআই কৰ্মী মোহন ৰংপিয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁক মাৰিবৰ বাবে তিনিবাৰ কোনো ব্যক্তিক প্ৰেৰণ কৰাৰ অভিযোগ সন্দৰ্ভত কয় যে, ৰংপি নামৰ ব্যক্তি জনে 24 ঘন্টাৰ ভিতৰত সেই ব্যক্তিৰ নাম প্ৰকাশ কৰিব লাগিব অন্যথা ৰংপিৰ বিৰুদ্ধে জিলা বিজেপিয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব (Tuliram Ronghang CEM KAAC) ৷

লগতে পঢ়ক:BPF public rally: বিশাল জনজাগৰণ সভা তথা পদযাত্ৰাৰে শক্তি প্ৰদৰ্শন হাগ্ৰামাৰ

Last Updated : Mar 20, 2023, 9:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.