ETV Bharat / state

ডিফুত টিনপাট বিতৰ্কত বিজেপিঃসৰৱ কংগ্ৰেছ

author img

By

Published : Mar 18, 2020, 2:11 PM IST

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত কিছুদিন পূৰ্বে হিতাধিকাৰীৰ নামত অহা টিনপাট বিতৰণৰ সময়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল ৷ এগৰাকী বৃদ্ধা গুৰুতৰভাৱে আহত হৈছিল উক্ত ঘটনাৰ ফলত ৷ সম্প্ৰতি এই ঘটনাটোৱে যথেষ্ঠ সমালোচনাৰ সন্মুখীন হোৱা দেখা গৈছে অঞ্চলটোত ৷

as diphu cong pressmeet on tin distribution clash karbi anglong assam etv bharat news
কংগ্ৰেছৰ সংবাদমেল

ডিফু,১৭ মাৰ্চঃ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদত কিছুদিন পূৰ্বে টিনপাট বিতৰণৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ উক্ত ঘটনাৰ ফলত এগৰাকী বৃদ্ধা গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পিছৰে পৰা বিষয়টো সন্দৰ্ভত সমালোচনা অব্যাহত আছে চহৰখনত ৷ বিষয় সন্দৰ্ভত কংগ্ৰেছ দলে বুধবাৰে ডিফুত এক সংবাদমেল অনুষ্ঠিত কৰি কেতবোৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ বিৰুদ্ধে ৷ সংবাদমেলত উপস্থিত থকা কাৰ্বি আংলং জিলা কংগ্ৰেছৰ দুই উপ-সভাপতি ক্ৰমে ৰতন ইংতি,ৰাতুল টেৰণ তথা সাধাৰণ সম্পাদক ডাঃ মংবে ৰংপিয়ে বিতৰণৰ বাবে অনা বহুখিনি টিনপাট পৰিষদৰ ফুলনি সমষ্টিৰ পৰিষদীয় সদস্য দৰছিং ৰংহাঙৰ ব্যক্তিগত বাগানত মজুত কৰি ৰখা বুলি ছ'চিয়েল মেডিয়াযোগে ব্যাপক প্ৰচাৰ চলাৰ কথা উল্লেখ কৰে ৷ লগতে চৰকাৰী আঁচনিৰ টিনপাট ৰখাৰ বাবে চৰকাৰী কাৰ্যালয় চৌহদ থকাৰ পিছতো পৰিষদীয় সদস্য গৰাকীৰ ব্যক্তিগত বাগানত ৰখা কাৰ্য দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷ ভৈয়াম জনজাতিৰ বাবে আবণ্টিত টিনপাটসমূহ পৰিষদে কিদৰে পাৰ্বত্য জনজাতিৰ লোকৰ মাজত বিতৰণ কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰে বিৰোধী নেতাসকলে ৷

কংগ্ৰেছৰ সংবাদমেল

আনহাতে,বিশ্বনাথ চাৰিআলিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে 7কোটি টকীয়া এক প্ৰকল্পৰ শুভাৰম্ভ কৰে ৷ এই সন্দৰ্ভতো সংবাদমেলযোগে প্ৰশ্ন উত্থাপন কৰে বিৰোধী নেতাসকলে ৷ লগতে সম্প্ৰতি বজাৰ,ভূমি পট্টা প্ৰদান আৰু বনজ সম্পদ প্ৰদান আদি সকলোতে ছিণ্ডিকেটৰাজৰ পয়োভৰ ঘটাৰ কথা উল্লেখ কৰে ৷ কিছুদিন পূৰ্বে এগৰাকী পৰিষদীয় সদস্যৰ আপত্তিজনক অডিঅ’ ক্লিপিং ছ’চিয়েল মিডিয়াত বিয়পি পৰা প্ৰসংগ উত্থাপন কৰি এগৰাকী সম্মানীয় এমএচি-য়ে প্ৰদৰ্শন কৰা এনে আচৰণৰ বাবে এমএচি গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় বিৰোধী নেতা তিনিজনে ৷

লগতে চাওকঃগোৱালপাৰাত ভগা দলঙেৰে যাতায়াত অব্যাহত ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.