ETV Bharat / state

চুৰি গাড়ীসহ ডকমকাত দুই দুধৰ্ষ গাড়ীচোৰ গ্ৰেপ্তাৰ

author img

By

Published : Oct 23, 2020, 9:33 PM IST

Updated : Oct 23, 2020, 10:01 PM IST

বৃহস্পতিবাৰে বিয়লি ডকমকা থানাৰ ভাৰপ্রাপ্ত বিষয়া বিজু কিংকৰ বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিয়মীয়া তালাচীৰ সময়ত ডি এল ৫ চি পি ৯৩২০ নম্বৰৰ এখন ক্রেটা গাড়ী প্রত্যক্ষ কৰে। আৰক্ষীয়ে সবিশেষ পৰীক্ষা কৰি বাহনখন চুৰি গাড়ী বুলি নিশ্চিত হােৱাৰ লগতে চুৰি বাহনখন সৰবৰাহ কৰি অনা অৱস্থাতে দুই দুধৰ্ষ গাড়ীচোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

apprehanded-two-car-lifters-with-stolen-car
চুৰি গাড়ীসহ ডকমকাত দুই দুর্ধর্ষ গাড়ী চোৰ গ্রেপ্তাৰ

ডিফু, ২৩ অক্টোবব: দেশৰ বিভিন্ন প্রান্তৰ পৰা চুৰি কৰি অনা বাহনসমূহ কার্বি আংলং জিলাৰ ৰাষ্ট্রীয় ঘাইপথৰ মাজেৰে চুবুৰীয়া ৰাজ্যলৈ সৰবৰাহ কৰা গাড়ীচোৰ চক্রৰ তৎপৰতা অব্যাহত থকা সময়তে জিলাখনৰ ডকমকা থানাৰ আৰক্ষীয়ে অভিযান চলাই এখন চুৰি বাহনসহ দুটাকৈ দুধৰ্ষ গাড়ীচোৰ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষী সুত্রে লাভ কৰা তথ্য অনুসৰি, বৃহস্পতিবাৰে বিয়লি ডকমকা থানাৰ ভাৰপ্রাপ্ত বিষয়া বিজুকিংকৰ বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিয়মীয়া তালাচীৰ সময়ত ডি এল ৫ চি পি ৯৩২০ নম্বৰৰ এখন ক্রেটা গাড়ী প্রত্যক্ষ কৰে। আৰক্ষীয়ে সবিশেষ পৰীক্ষা কৰি বাহনখন চুৰি গাড়ী বুলি নিশ্চিত হােৱাৰ লগতে চুৰি বাহনখন সৰবৰাহ কৰি অনা দুই দুধৰ্ষ গাড়ীচোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত গাড়ীচোৰ দুটা মণিপুৰৰ ইম্ফল জিলাৰ য়াজবিপক থানাৰ অন্তৰ্গত মামা ইংক হাট্নিবাসী মহম্মদ চাবিৰ আহমেদ (৩৭) আৰু পশ্চিম ইম্ফল জিলাৰ মা য়াং ইম্ফল নিবাসী ৰফিউল্লা শ্বেইখ (৩৫) বুলি চিনাক্ত কৰা হৈছে। জব্দ হােৱা গাড়ীখন হাৰিয়ানাৰ পৰা চুৰি কৰি অনা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

এই সন্দর্ভত ডকমকা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১/৩৪ ধাৰাত ৩৫/২০২০ নম্বৰত এক গােচৰ পঞ্জীয়ন কৰি আদালতত হাজিৰ কৰােৱাৰ অন্তত দুয়ােটা গাড়ীচোৰকে দুদিনৰ বাবে পুনৰ আৰক্ষীৰ জিন্মালৈ প্রেৰণ কৰিছে। গাড়ীচুৰি সন্দর্ভত অধিক তথ্যৰ বাবে সম্প্রতি ডকমকা থানাত দুয়ােটা গাড়ীচোৰক জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: ৰাজস্থানত নাবালিকাক ধৰ্ষণৰ এক পাশৱিক ঘটনা

Last Updated : Oct 23, 2020, 10:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.