ETV Bharat / state

ডিফু লোকসভা সমষ্টিক লৈ তৎপৰ প্ৰদেশ কংগ্ৰেছ, 9 সংগঠনেৰে ভূপেন বৰাৰ বৈঠক

ডিফুত কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ নেতৃত্বৰ লগতে জিলাখনৰ 9 টা সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক আৰু যুৱ সংগঠনৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ডিফু লোকসভা সমষ্টি পুনৰ উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল ৷

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 10:23 PM IST

APCC President Bhupen Borah
গুৰুত্বপূর্ণ বৈঠক
ডিফুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ডিফু, 18 নৱেম্বৰ : সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে এঘড়ী যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে প্ৰদেশ কংগ্ৰেছে ৷ গঠন হোৱাৰে পৰা অধিক সময় কংগ্ৰেছৰ দখলত থকা ডিফু লোকসভা সমষ্টি পুনৰ উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল ৷ ইতিমধ্যে বিগত কেইটামান মাহত দুবাৰ-তিনিবাৰকৈ ডিফুলৈ অহা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা শনিবাৰে পুনৰ ডিফুত উপস্থিত হয় ৷

ডিফুত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ নেতৃত্বৰ লগতে কাৰ্বি আংলং জিলাৰ 9 টা সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক আৰু যুৱ সংগঠনৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় ৷ এই বৈঠকতে সংবিধানৰ 244 (ক) অনুচ্ছেদৰ অধীনত স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ বিষয়টোক লৈ সংগঠন কেইটাক ৰাহুল গান্ধীৰ লগত বৈঠকত মিলিত কৰা, কাৰ্বি আংলঙৰ মাটি চুবুৰীয়া বাজ্যক এৰি নিদিয়া, শৈক্ষিক আৰু সামাজিক-আৰ্থিক বিকাশৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাত ঐক্যমতত উপনীত হয় ৷ জাতীয় সংগঠন কেইটাৰ হৈ জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে তেওঁলোকৰ দাবী সমূহ পূৰণ হোৱাৰ আশা দিলে ভৱিষ্যতৰ দিনত তেওঁলোকে কংগ্ৰেছক সহায়ৰ হাত আগবঢ়াব বুলি প্ৰকাশ কৰে ৷

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, চুবুৰীয়া ৰাজ্যৰ লগত মিলি থকা মানে এইটো নুবুজাই যে অসমৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানলৈ গৈ তলত বহি থাকিব ৷ নেডাৰ আহ্বায়ক হৈ মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ অনুমতি নাপাব ৷ আমি চুবুৰীয়া ৰাজ্যৰ লগত মিলি থাকিম কিন্তু এইদৰে নহয় বুলি মন্তব্য কৰে বৰাই ৷

আনহাতে দেওবাৰে বোকাজানৰ তিনিবাৰৰ বিধায়ক আৰু পৰিষদৰ সৰুপথাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ কার্যবাহী সদস্য হোৱা বিজেপি নেতা জগতছিং ইংতি, প্ৰাক্তন কার্যবাহী সদস্য প্ৰদীপ ডিফুচা আৰু বিজেপি দলৰ প্ৰাক্তন কার্যবাহী সদস্য প্ৰদীপ ৰংপিৰ কন্যা মেৰি ৰংপিপীসহ বহু বিজেপি নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷ পাহাৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এনে তৎপৰতাই বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ পৰাৰ লগতে এতিয়া পাহাৰৰ ৰাজনীতিত জোকাৰণি তোলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

লগতে পঢ়ক : এইবাৰ ৩ লাখ ভোটত হাৰিব ভূপেন বৰা: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.