ডিফু,১০ মে’: কৰ’ণা মহামাৰীৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তৰফৰ পৰা কাৰ্বি আংলং জিলা প্ৰশাসনলৈ এখন এম্বুলেঞ্চ আগবঢ়োৱা হয় । আন্তঃগাঁথনিৰ উন্নয়ন আৰু সহযোগিতাৰ বাবে আগবঢ়োৱা উক্ত এম্বুলেঞ্চ সেৱাৰ সোমবাৰে বিয়লি এক বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই ।
সাংবাদিকৰে হোৱা বাৰ্তালাপত জিলা উপায়ুক্তগৰাকীয়ে এম্বুলেঞ্চখনে ৰোগীসকলৰ জৰুৰী সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷ লগতে জিলাখনত কৰ’ণা সংক্ৰমণ ৰোধ কৰাৰ বাবে যথা সম্ভৱ সকলো ব্যৱস্থা হাতত লোৱা হৈছে বুলি বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক : ডিব্ৰুগড়ত ড্ৰাগছ, নগদ ধনসহ আটক দুই