ETV Bharat / state

Molestation case in Diphu: জনপ্ৰতিনিধিৰ কামনাৰ বলি হৈ সন্তান প্ৰসৱ কৰিলে যুৱতীয়ে - Molestation case in Diphu

ডিফুত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা । তিনি সন্তানৰ পিতৃ এমএচি শ্ৰৱন কুমাৰ তেলেঙাই স্থানীয় যুৱতীক লুকুৱাই কৰালে সন্তান প্ৰসৱ । আৰক্ষী থানাত চুক্তি কৰি দিলে বিয়া পতাৰ প্ৰস্তাৱ (Molestation case in Diphu) ।

Molestation case in Diphu
স্থানীয় যুৱতীক লুকুৱাই কৰালে সন্তান প্ৰসৱ
author img

By

Published : May 8, 2023, 10:47 PM IST

ডিফু,৮ মে': বিজেপি চৰকাৰ আৰু দলৰ বেটি বাচাও বেটি পঢ়াও তথা নাৰী সুৰক্ষাক যেন ভেঙুচালি কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিয়ে । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৪ নং দেওপানী পৰিষদীয় সমষ্টিৰ বিজেপি নিৰ্বাচিত এমএচি শ্ৰৱন কুমাৰ তেলেঙাই এগৰাকী যুৱতীক নাৰ্ছৰ চাকৰি প্ৰদানৰ নামত অন্তসত্বা কৰি লুকুৱাই সন্তান প্ৰসৱ কৰোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে (Molestation case in Diphu) ।

জানিব পৰা মতে এবছৰ পূৰ্বে এমএচি গৰাকীয়ে নাৰ্ছৰ প্ৰশিক্ষণ দিয়া বুলি বৰপথাৰ আৰক্ষী থানাৰ অধীনৰ একেখন গাঁৱৰে নামবৰ নদী চাহ বাগিচাৰ এগৰাকী যুৱতীক গুৱাহাটীলৈ লৈ গৈছিল । তিনিটা সন্তানৰ পিতৃ শ্ৰৱন কুমাৰ তেলেঙাই যুৱতীগৰাকীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰাত গৰ্ভৱতী হয় ৷ তাৰ পাচতেই এমএচি তেলেঙাই যুৱতীগৰাকীক কোনো গোপন স্থানত ৰাখি থয় ।

এই সন্দৰ্ভত যুৱতীগৰাকীৰ জেষ্ঠ ভাতৃয়ে ভনীয়েকে সন্তান প্ৰসৱ কৰাৰ নিশ্চিত তথ্য লাভ কৰি বৰপথাৰৰ আৰক্ষীৰ কাষ চাপে । যুৱতীগৰাকী নিৰুদিষ্ট হৈ থকাৰ সময়ত তেওঁক বিচাৰি তেলেঙাক পৰিয়ালৰ লোকে বাৰম্বাৰ যোগাযোগ কৰোঁতে চলাহী কথাৰে তেলেঙাই যুৱতীগৰাকীক নাৰ্ছৰ প্ৰশিক্ষণ লৈ থকা বুলি পৰিয়ালক মিছা মাতি আহিছিল ।

যোৱা ৬ মে'ত পৰিয়ালে বৰপথাৰৰ আৰক্ষী থানত গোচৰ দিয়াত তেলেঙাৰ লগতে যুৱতীগৰাকীকো উদ্ধাৰ কৰি আনে আৰক্ষীয়ে । দুয়োটা পৰিয়ালৰ মাজত থানাতে এখন চুক্তি স্বাক্ষৰ হয় আৰু তেলেঙাই যুৱতীগৰাকীক পত্নী হিচাপে স্বীকৃতি দিবলৈ মান্তি হয় বুলি লিখিতভাৱে দিয়ে । এতিয়া কথাটো হ'ল তিনিটা পিতৃৰ সন্তান তথা এগৰাকী জনপ্ৰতিনিধিয়ে এইদৰে অবৈধভাৱে এগৰাকী যুৱতীক প্ৰলোভনেৰে অন্তঃসত্বা কৰি সন্তান জন্ম দিয়াৰ পিচতো কিদৰে কোনো আইনী ব্যৱস্থাৰ পৰা সাৰি যাবলৈ সক্ষম হ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

জনপ্ৰতিনিধি তেলেঙাৰ এনে কু-কৰ্ম সৰ্বত্ৰ বিয়পি পৰাত সমষ্টিবাসীৰ লগতে সকলো সচেতন জনতাই একেমুখে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে । এগৰাকী জনপ্ৰতিনিধিয়ে সমষ্টিবাসীৰ তথা সমষ্টিটোৰ উন্নয়নৰ দিশত গুৰুত্ব দিয়াৰ বিপৰীতে এনে কু-কৰ্ম লিপ্ত হৈ সমষ্টিবাসীক লজ্জানত কৰা বুলি এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Srinivas BV case: প্ৰৱল হৈ পৰিছে শ্ৰীনিবাস বিভিক গ্ৰেপ্তাৰৰ সম্ভাৱনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.