ETV Bharat / state

উত্তৰ অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ পণবন্দী কৰিছে চৰকাৰে : অজিত ভূঞা - নামণি সোৱশিৰি প্ৰকল্প

ৰাজ্য সভাত উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত সাংসদ অজিত ভূঞাৰ বিশেষ সংবাদ মেল ৷ সবিশেষ জানো আহক ৷

ajit-bhuyan-press-meet
উত্তৰ অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ পণবন্দী কৰিছে চৰকাৰে : অজিত ভূঞা
author img

By

Published : Sep 3, 2021, 9:44 PM IST

গুৱাহাটী , ৩ ছেপ্টেম্বৰ : ৰাজ্যসভাত উত্থাপন কৰা প্ৰশ্নক লৈ ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে । অসমৰ ৰাইজৰ যুক্তিপূৰ্ণ দাবী আৰু ৰাজ্যখনৰ কেইবাগৰাকীও স্বনামধন্য বিশেষজ্ঞৰ সকলো বৈজ্ঞানিক যুক্তি নস্যাৎ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ পণবন্দী কৰি অহা এটা বছৰৰ ভিতৰতে বহু বিতৰ্কিত নামণি সোৱশিৰি প্ৰকল্পৰ উৎপাদন আৰম্ভ কৰিবলৈ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি তেওঁ এই সংবাদমেল যোগে মন্তব্য প্ৰকাশ কৰে ।

তেওঁ কয় যে, মুঠ ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলগীয়া অসমৰ বাবে অভিশাপ স্বৰূপ এই প্ৰকল্পত ২৫০ মেগাৱাট উৎপাদন ক্ষমতাসম্পন্ন সৰ্বমুঠ ৮ টা গোট থাকিব ৷ ইয়াৰে প্ৰথম দুটা গোট অহা বছৰৰ আগষ্ট মাহৰ পৰা উৎপাদনক্ষম হৈ উঠিব বুলি স্বযং কেন্দ্ৰীয় শক্তি আদি দপ্তৰৰ মন্ত্ৰী শ্ৰী আৰ কে সিঙে ৰাজ্যসভাত তেওঁ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি তথ্য প্ৰকাশ কৰিছে। মন্ত্ৰীজনে বাকী ৬ টা গোটৰ উৎপাদন ২০২৩ চনৰ আগষ্ট মাহৰ পৰা আৰম্ভ কৰিব পৰা যাব বুলি চৰকাৰ আশাবাদী বুলিও সদনত প্ৰকাশ কৰিছে ।

উত্তৰ অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ পণবন্দী কৰিছে চৰকাৰে : অজিত ভূঞা

অৰ্থাৎ অসমৰ ৰাইজে উত্থাপন কৰি অহা সকলো যুক্তি সকলো দাবী নস্যাৎ কৰি নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ বণিয়া আৰু কৰ্পৰেটৰ স্বাৰ্থত একপক্ষীয় ভাৱে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে বুলি ভূঞাই কয় । তেওঁ লগতে কয় যে, সোৱণশিৰিৰ শেহতীয়া বানে ইতিমধ্যেই বান্ধটোৰ বিভিন্ন অংশৰ ক্ষতি সাধন কৰাৰ খবৰ আহিছে আনকি, বানৰ শেহতীয়া ধলে বান্ধটোৰ গাৰ্ড ৱাল আৰু সংলগ্ন এটা সুৰংগৰো বিস্তৰ ক্ষতিসাধন কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে ।

তেওঁ কয় যে, এই কথাই প্ৰমাণ কৰিছে যে অসমৰ ৰাইজ আৰু অসমৰ বিশেষজ্ঞই বাৰে বাৰে চৰকাৰক সতৰ্ক কৰি অহা বিষয়বোৰৰ সত্যতা প্ৰমাণ হৈছে । সোৱণশিৰিৰ বানৰ ভয়ানক ধলত বান্ধটো ভাগি পৰিলে লখিমপুৰকে ধৰি উত্তৰ অসমৰ এক বিশাল অংশৰ ৰাইজৰ কি দুৰ্গতি হব সেই কথা দিল্লীটো বাদেই খোদ গুৱাহাটীত বহি মোডীৰ জয়গান গাই থকা হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতায়ো হয়তো আজি উপলব্ধি কৰিব পৰা নাই । ইয়াক আমি কঠোৰ ভাষাৰে গৰিহণা দিছো আৰু ইয়াৰ পৰিণতিত হব পৰা যিকোনো ধৰণৰ ক্ষয় ক্ষতিৰ দায়িত্ব কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে বহন কৰিব লাগিব বুলি সকীয়াই দিয়ে ।

প্ৰকল্পটোক জলবোমা সদৃশ বুলি আখ্যা দি উৎপাদনক্ষম কৰাৰ আগতে এক নিৰপেক্ষ বিশেষজ্ঞ কমিটিৰ হতুৱাই অসমৰ ৰাইজ আৰু বিশেষজ্ঞ সকলে দাঙি ধৰা আপত্তিজনক বিষয়বোৰৰ বৃস্তিত পৰীক্ষণ তথা অধ্যয়ন কৰোৱাবলৈ চৰকাৰক তেওঁ দাবী জনায় । ইপিনে, বিজেপি চৰকাৰে বিক্ৰীৰ সিদ্ধান্ত লোৱা অসমৰ কাগজ কলৰ বিষয়া কৰ্মচাৰী সকলৰ প্ৰাপ্য ধন কেতিয়া আদায় দিয়া হব সাংসদগৰাকীয়ে সেই বিষয়ে ৰাজ্যসভাত জানিবলৈ বিচাৰিছিল যদিও কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে চৰকাৰে ।

সাংসদ গৰাকীয়ে কয় যে, ইয়াৰ পৰা আমি ইয়াকেই বুজিম যে অসমৰ এই দুটা উদ্যোগৰ বিষয়টো অসমৰ সাংঘাটিক দক্ষ মুখ্যমন্ত্ৰী বুলি জাহিৰ কৰা হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱাই নাই । সাংসদ গৰাকীয়া সকলোৰে প্ৰতি আহ্বান জনায় কয় যে, বিজেপি চৰকাৰৰ এনে দেশধ্বংসী আৰু বিশেষকৈ অসমধ্বংসী প্ৰতিটো পদক্ষেপৰ বিৰুদ্ধে গণতন্ত্ৰত বিশ্বাসী অসমৰ ৰাইজ কংগ্ৰেছকে ধৰি প্ৰতিটো বিৰোধী ৰাজনৈতিক দল ঐক্যদ্ধ হৈ শক্তিশালী প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ গত্যন্তৰ নাই বুলি মন্তব্য কৰে ।

ইপিনে, তেওঁ উপ নিৰ্বাচন সম্পৰ্কত কয় যে বিজেপি বিৰোধী দল সমূহ একত্ৰিত নহলে বিজেপি প্ৰতিৰোধ কৰা সহজ নহয় ৷ কংগ্ৰেছে দলীয়ভাৱে বিশ্লেষণ কৰি এ আই ইউ ডি এফক আঁতৰাইছে ৷ মহাজোঁট বুলি বিশেষ কিবা আছে বুলি মই কব নোৱাৰো ৷ উপনিৰ্বাচনত প্ৰভাৱ পৰিব বিৰোধী সকলো ৰাজনৈতিক দল এক নহলে ৷ দল ত্যাগ কৰি যোৱা সকলে আদৰ্শগত কোনো নীতি ধৰিব ৰাখিব নোৱাৰে যাৰ বাবে দলত্যাগ কৰিছে ৷ ইয়াৰ লগতে Ego প্ৰবলেম থকা বাবে বিৰোধী একলগ হ’ব পৰা নাই বুলিও তেও মন্তব্য কৰে ৷

লগতে পঢ়ক : বৃহৎ নদী বান্ধ অসমৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি; লখিমপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.