ডিফু, ২৪ জুলাইঃ ডিফুত (diphu) এগৰাকী ১৫ বছৰীয়া নাবালিকাক (minor girl) ধৰ্ষণৰ অভিযোগত আটক হ'ল এগৰাকী পূজাৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফুৰ সমীপৱৰ্তী মাটিপুং ৰংকাংথিমৰ ওচৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই ঘটনা ৷ এগৰাকী নাবালিকাক গাঁৱত নেটৱৰ্কৰ সুবিধা নথকাৰ বাবে অভিভাৱকে মাটিপুঙৰ ৱেলচন তিচ' নামৰ লোকজনৰ ঘৰত অনলাইন পৰীক্ষা দিবলৈ ৭ দিনৰ বাবে পঠিয়াইছিল ৷
নাবালিকা গৰাকী ৱেলচনৰ ঘৰত অনলাইন পৰীক্ষা (online exam) দিয়াৰ বাবে থকা সময়তেই সংঘটিত হৈছে এই নিৰ্লজ্জ কাণ্ড ৷ ৱমেন জাষ্টিচ ফ’ৰাম চমুকৈ কেএডব্লিউজেএফৰ সভানেত্ৰী বিউলেট বে'পীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা অনুসৰি যোৱা ২২ জুলাইত নিশা নাবালিকাগৰাকীক ধৰ্ষণ কৰে ৱেলচন তিচ'ৱে ৷ ধৰ্ষণৰ পূৰ্বে তেওঁৰ ঘৰত থকা আন এগৰাকী ছোৱালীক মদ্যপান কৰোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
জানিবপৰা মতে ৱেলচন তিচ' কাৰ্বি কুৰুচাৰ চিংৰুম আমেইৰ সম্পাদক ৷ ধৰ্ষণৰ পাচতে নাবালিকা গৰাকীক অভিযুক্ত ৱেলচন তিচ'ৱে বলপূৰ্বকভাৱে বন্দী কৰি থৈছিল যদিও শুকুৰবাৰে নিশা নাবালিকা গৰাকীয়ে কোনোমতে পলাই আহিবলৈ সক্ষম হৈছে ৷ নাবালিকাগৰাকী ঘৰলৈ পলাই আহিয়ে মাতৃৰ সৈতে কেএডব্লিউ জেএএফ আৰু ইউকেএডব্লিউএৰ বিষয়ববীয়াক ঘটনাটোৰ বিষয়ে সকলো বিৱৰি কয় ৷ তাৰপাচতে শনিবাৰে কেএডব্লিউজেএফ আৰু ইউকেএডব্লিউএৰ বিষয়ববীয়াই অভিযুক্ত ৱেলচন তিচ'ক ধৰি আনি ডিফু থানাত চমজাই দিয়ে ৷
সমগ্ৰ ঘটনাৰ সৰ্ন্দভত নাবালিকাগৰাকীৰ মাতৃৰ এজাহাৰ ভিত্তিত ডিফু থানাত ২০০/২০২১ নম্বৰত এক গোছৰ ৰুজু কৰি ৱেলচন তিচ'ক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আনহাতে, কেএডব্লিউজেএফ আৰু ইউকেএডব্লিউএই দোষীক উপযুক্ত শাস্তি প্ৰদান কৰি ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনোৱা দেখা গৈছে ৷
লগতে পঢ়কঃ কোন হয় মীৰাবাই চানু ?