ডিফু, ২৩ নৱেম্বৰঃ কার্বি আংলং জিলাৰ বােকাজানৰ পৰা প্রতিনিধিত্ব কৰি সদৌ অসম ছাত্র সন্থাৰ নৱনির্বাচিত ক্রীড়া সম্পাদকৰ দাযিত্ব লাভ কৰা বেদান্ত শইকীয়াক সোমবাৰে বােকাজানত উষ্ম আদৰণি জনোৱা হয় ৷ আদৰণি জনাই কার্বি আংলং জিলা ছাত্র সন্থাৰ বিষয় ববীয়াৰ লগতে সদস্য সকলে ৷
বােকাজান বিলাতী মার্টি কাৰখানাৰ অতিথি শালাত আয়োজন কৰা এই আদৰণি অনুষ্ঠান ৷ উল্লেখযােগ্য যে বিগত সময়ত বােকাজান আঞ্চলিক ছাত্র সন্থাৰ পৰা আছুৰ মজিয়াত প্রৱেশ কৰা বেদান্ত শইকীযাই যােৱা তিনিটা বছৰে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদকৰ দাযিত্ব আছিল ৷
![AASU SPORTS SECY WELCOME HIS HOME DISTRICT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu23112020aasusportssecywelcomehishomedistrict_23112020191951_2311f_1606139391_916.jpg)
উল্লেখ্য যে, উক্ত অনুষ্ঠানত উপস্থিত থাকে শতাধিক আছু কর্মীৰ লগতে বােকাজানৰ নাগৰিক সমাজ । উল্লেখ্য যে, দুলিয়াজানত অনুষ্ঠিত আছুৰ অধিবেশনতে গঠন কৰা হয় নতুন সমিতি ৷ সবাপতিৰ পদত পুনৰ অধিষ্ঠিত হয় দীপাংক কুমাৰ নাথ ৷ সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত কৰা হৈছে শংকৰ জ্যোতি বৰুৱাক ৷