ডিফু , ৮ মাৰ্চঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত স্থানীয় আৰক্ষীয়ে অভিযান চলাই ব্ৰাউন চুগাৰসহ 4 জন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত ডিলাই আৰক্ষীয়ে দেওবাৰে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই নগালেণ্ডৰ ডিমাপুৰৰ পৰা নগাঁও অভিমুখে অহা NL-05-B-1157 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা এগৰাকী মহিলাসহ এজন পুৰুষক আটক কৰে ।
লগতে পঢ়কঃ মঙলদৈত জন শিক্ষণ সংস্থানৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন
আৰক্ষীয়ে বাছখনৰ পৰা ৫০ টা কণ্টেইনাৰত ৬০০ গ্ৰাম ব্ৰাউন চুগাৰো জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে বাছখনৰ পৰা খুছিদা বেগম আৰু ইমৰাণ হুছেইনক আটক কৰাৰ পাছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও জিলাত অভিযান চলাই জামাল উদ্দিন আৰু মইন উদ্দিন নামৰ আন দুজন লোকক আটক কৰে । উল্লেখ্য যে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা জামাল উদ্দিনৰ AS-02-JZ-0959 নম্বৰৰ টাটা নেক্সন গাড়ীখনো আৰক্ষীয়ে জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত ডিলাই আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।