গুৱাহাটী, 9 নৱেম্বৰ: সমগ্ৰ বিশ্বতে ভয়াৱহভাৱে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। সমান্তৰালভাৱে অসমতো দিনে দিনে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা । খাদ্যভ্যাস,পৰিশ্ৰমৰ অভাৱ,মানসিক চাপ আদিৰ বাবেই বৃদ্ধি পাইছে ডায়েবেটিচ ৰোগীৰ সংখ্যা। এই ৰোগৰ সজাগতাৰ বাবে মহানগৰীৰ হায়াত হাস্পতালে হাতত লৈছে এলানি সজাগতামূলক কাৰ্যসূচী । আগন্তুক ১৪ নৱেম্বৰ বিশ্ব ডায়েবেটিছ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হাতত লৈছে চিকিৎসালয়খনে ।
উক্ত দিনটোত পুৱা মাৰাথান দৌৰ,সজাগতা সভা আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰিছে চিকিৎসালয় খনৰ মহাপ্ৰৱন্ধক পৰাগজ্যোতি দত্তই । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে হায়াত হাস্পতালৰ মহাপ্ৰৱন্ধক পৰাগজ্যোতি দত্তই । উল্লেখ্য যে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰৰ পৰা আৰম্ভ হৈ দিছপুৰ চুপাৰ মাৰ্কেটেৰে গৈ পুনৰ খানাপাৰাত সমাপ্ত হ'ব এই দৌৰ । "ডায়েবেটিছৰ পৰা আপোনাৰ পৰিয়ালক সুৰক্ষা দিয়ক" শীৰ্ষক থীমেৰে জনসাধাৰণৰ মাজত সজাগতা আৰম্ভ কৰিছে চিকিৎসালয়খনে ।
লগতে পঢ়কঃ বুঢ়া আৰক্ষী চকীৰ নিলম্বিত আই চি মহেন্দ্ৰ শৰ্মাৰ মঙলদৈ সদৰ থানাত যোগদান