কামৰূপ, 2 ফেব্ৰুৱাৰীঃ 2 ফেব্ৰুৱাৰীত বিশ্বজুৰি পালন কৰা হয় বিশ্ব আৰ্দ্ৰভূমি সংৰক্ষণ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে কামৰূপৰ বাইহাটা চাৰিআলিতো পালন কৰে এই বিশ্ব আৰ্দ্ৰভূমি সংৰক্ষণ দিৱসৰ ৷ বইহাটা চাৰিআলিৰ শিঙাৰপাৰাস্থিত ললিত ডেকা উচ্চ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিশ্ব আৰ্দ্ৰভূমি সংৰক্ষণ দিৱস । আৰ্দ্ৰভূমি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা অনাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় প’ষ্টাৰ মেকিং প্ৰতিযোগিতা । ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এই অনুষ্ঠানটিত আৰ্দ্ৰভূমি সমূহ সংকোচিত হৈ অহাৰ ফলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় বুলি উল্লেখ কৰে তাত উপস্থিত থকা বিশিষ্ট ব্যক্তিয়ে ।
আৰু পঢ়কঃমহাত্মা গান্ধীৰ সৈতে মাত্ৰ 12 বছৰ বয়সতে স্বাধীনতা সংগ্ৰামত নামি পৰা বৰনগৰৰ মহিলাগৰাকী