দক্ষিণ কামৰূপ, 30 মে': মহানগৰীৰ সমীপৰ আজাৰাস্থিত কেওটপাৰাৰ প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে বিশ্ব শিক্ষা সপ্তাহ পালন কৰা হয় ৷ গ্লোবেল কেম্বাইন ফৰ এডুকেচনৰ আহ্বানত বিগত 24 মে'ৰ পৰা 31 মে'লৈ চলি থকা বিশ্ব শিক্ষা সপ্তাহৰ অংশৰূপে, নেশ্যনেল কৃতালিচন ফৰ এডুকেচনৰ সহযোগত থাকি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত এই বিশ্ব শিক্ষা সপ্তাহ পালন কৰা হয় ৷
উল্লেখ্য যে 2003 চনৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই বৰ্ষৰ মূল বিষয় "মোৰ শিক্ষা মোৰ অধিকাৰ" প্ৰচাৰ আৰু বিকাশৰ উদ্দেশ্য আগত ৰাখি এই বিশ্ব শিক্ষা সপ্তাহ অনুষ্ঠিত কৰা হয় । আজি অনুষ্ঠিত এই অনুষ্ঠানত বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷