ETV Bharat / state

ৰঙিয়াত চাৰিটাকৈ অবৈধ কাঠ ফলা মিল জব্দ

author img

By

Published : Jun 16, 2021, 5:32 PM IST

ৰঙিয়া মহকুমাত খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে অভিযান চলাই উচ্ছেদ কৰিলে চাৰিটাকৈ কাঠ ফলা মিল । লগতে বন বিভাগে জব্দ কৰিলে কাঠ ফলা মেছিন ।

As_rangia_16jun_801_to_804_vis+bite+photo_forest_dept_bandana_sarma_AS10040
ৰঙিয়াত চাৰিটা অবৈধ কাঠ ফলা মিল জব্দ

ৰঙিয়া, 16 জুন : ৰঙিয়া মহকুমা (Rangiya Sub Division)ত খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে অভিযান চলাই উচ্ছেদ কৰিলে চাৰিটাকৈ কাঠ ফলা মিল । লগতে বন বিভাগে জব্দ কৰিলে কাঠ ফলা মিল । উত্তৰ কামৰূপৰ তুলসীবাৰী, কমলপুৰ আৰু পুঠিমাৰীৰ কেইবা ঠাইতো অভিযান চলায় বন বিভাগে । বন বিভাগৰ অভিযানৰ উমান পাই অবৈধ কাঠ ফলা মিলৰ গৰাকীয়ে পলায়ন কৰে । কেইবাটাও কাঠ ফলা মিলত অভিযান চলোৱাৰ পিছতো কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটোৱে ।

ৰঙিয়াত চাৰিটা অবৈধ কাঠ ফলা মিল জব্দ

আনহাতে, ৰঙিয়া নগৰত কাঠ কঢ়িয়াই থকা এখন চালানবিহীন গাড়ী জব্দ কৰে বন বিভাগৰ দলটোৱে । ব'লেৰ' পিক-আপ ভানখনৰ নাছিল কোনো নথি পত্ৰ । বাক্সাৰ দিশৰ পৰা ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত AS-01-MC-5850 নম্বৰৰ গাড়ীখনত আছিল কেইবা লক্ষাধিক টকা মূল্যৰ মুল‍্যবান কাঠ । বাহনখনত অবৈধভাৱে কঢ়িয়াই অনা হৈছিল বহু মূল্যবান কাঠ । কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰাৰ ফলতে বন বিভাগে জব্দ কৰে বলেৰ' পিক আপ ভানখন । শেহতীয়াভাৱে ৰঙিয়াত অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে বন বিভাগে ।

লগতে পঢ়ক: দলৰ সংকট: এআইচিচিৰ সম্পাদক ভূপেন বৰাই কি ক'লে ইটিভি ভাৰতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.