দক্ষিণ কামৰূপ, 25 জুলাইঃ মাজিৰিগাঁৱত বানাক্ৰান্তলৈ বান সাহাৰ্য আগবঢ়ালে মহিলা সংগঠনে ৷ মানৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে মহিলা সংগঠনটোৱে । বৰ্তমান ৰাজ্যখনৰ বানাক্ৰান্ত লোকসকলে বানৰ পৰা কিছু পৰিত্ৰান পাইছে যদিও এতিয়াও দূৰ হোৱা খাদ্য সংকট ।
বৃহস্পতিবাৰে ধাৰাপুৰৰ সমীপৰ মাজিৰগাঁৱত বান সাহাৰ্য বিতৰণ কৰিলে স্বেচ্চাসেৱী সংগঠনটোৱে । অগ্ৰদ্বীপ এ.এল.এফ. সমবায় সমিতি লিমিটেড নামৰ মহিলা সংগঠনটোৱে বানাক্ৰান্ত লোকসকলৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰে । বানাক্ৰান্ত লোকসকলৰ কাষত এনেদৰে থিয় দি মহিলাসকলে এক বিশেষ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।