ETV Bharat / state

কুকুৰমাৰাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ মহিলাৰ - illegal wine shops at Kukurmara

আজি সন্ধিয়া কুকুৰমাৰা অঞ্চলৰ শতাধিক মহিলাই সুৰাৰ বিৰুদ্ধে এক অভিযান চলাই প্ৰায় ২৫ খন সুৰা বিক্ৰী কৰা দোকান উচ্ছেদ কৰে ৷ লগতে বহু সংখ্যক দেশী বিদেশী সুৰা জব্দ কৰি নষ্ট কৰি দিয়া হয় এই অভিযানত ৷

কুকুৰমাৰাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ মহিলাৰ
author img

By

Published : Nov 10, 2019, 11:31 PM IST

কুকুৰমাৰা, 10 নৱেম্বৰঃ দক্ষিণ কামৰূপৰ কুকুৰমাৰাত সুৰাৰ বিৰুদ্ধে মহিলাৰ অভিযান ৷ আজি সন্ধিয়া অঞ্চলটোৰ শতাধিক মহিলাই সুৰাৰ বিৰুদ্ধে এক অভিযান চলাই প্ৰায় ২৫ খন অবৈধভাৱে সুৰা বিক্ৰী কৰা দোকান উচ্ছেদ কৰে ৷ লগতে বহু সংখ্যক দেশী বিদেশী সুৰা জব্দ কৰি নষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে ৷ বৃহত্তৰ কুকুৰমাৰাত স্থায়ী-অস্থায়ী প্ৰায় ৫০ খনৰো অধিক দোকানে অবৈধভাৱে বিক্ৰী কৰি আহিছিল সুৰা ৷ ৰাইজে জনোৱা অনুসৰি বজাৰখনৰ বহু পান দোকান আৰু মনিহাৰী দোকানৰ লগতে গেলামালৰ দোকানতো বিক্ৰী হৈ আহিছে সুৰা ৷ আনহাতে শনিবাৰে সংস্কৃত ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰক লাডেন নামৰ এজন অবৈধ সুৰা ব্যৱসায়ীয়ে প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে ৷

কুকুৰমাৰাত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ মহিলাৰ

উল্লেখযোগ্য যে, কুকুৰমাৰাত অবৈধভাৱে চলি থকা সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ বাবে অঞ্চলটোৰ একাংশ সচেতন ৰাইজৰ লগতে কেইবাটাও সংগঠনে বাৰাম্বাৰ আবকাৰী বিভাগক দাবী জনাই অহাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বিভাগটোৱে ৷ ইতিমধ্যে কেইদিনমানপূৰ্বে অঞ্চলটোৰ সহস্ৰাধিক মহিলাই সুৰা বন্ধ কৰাৰ দাবীত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰিছিল ৷ এই অবৈধ সুৰাৰ বেহা বন্ধ কৰাৰ বাবে আবকাৰী বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে অবৈধ সুৰা ব্যৱসায়ীৰ পৰা মাহিলী ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

Intro:কুকুৰমাৰাত মদৰ বিৰুদ্ধে মহিলাৰ অভিযান ৷ Body:ছয়গাঁও ১০ নৱেম্বৰ : দক্ষিণ কামৰূপৰ কুকুৰমাৰাত অবৈধভাৱে চলি থকা মদৰ ব্যৱসায় বন্ধ কৰাৰ বাবে অঞ্চলটোৰ একাংশ সচেতন ৰাইজৰ লগতে কেইবাটাও সংগঠনে বিশেষকৈ সংস্কৃত ছাত্ৰ সন্থাই প্ৰশাসন তথা আবকাৰী বিভাগক বাৰাম্বাৰ দাবী জনাই অহাৰ পিছতো অঞ্চলটোত অবৈধ মদৰ ব্যৱসায় বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ ইতিমধ্যে কেইদিনমানপূৰ্বে অঞ্চলটোৰ সহস্ৰাধিক মহিলাই মদ বন্ধ কৰাৰ দাবীত অঞ্চলটোত এক বৃহৎ প্ৰতিবাদী সমদলো বাহিৰ কৰিছিল ৷ কিন্ত তাৰ পিছতো বৃহত্তৰ কুকুৰমাৰা অঞ্চলত বন্ধ হোৱা নাই অবৈধ মদৰ ব্যৱসায় ৷ অৱশেষত কুকুৰমাৰাত অবৈধ মদৰ বেহা বন্ধ কৰা বাবে হাতে কামে লাগি পৰিল মহিলা সকল ৷ আজি সন্ধিয়া অঞ্চলটোৰ শতাধিক মহিলাই কুকুৰমাৰাত মদৰ বিৰুদ্ধে এক অভিযান চলাই প্ৰায় ২৫ খন মদ বিক্ৰী কৰা দোকানত উচ্ছেদ চলাই ৷ এই অভিযানৰ সময়ত কেইবাখনো মদ বিক্ৰী কৰা দোকানত অভিযান চলাই মদ বন্ধ কৰাৰ বাবে দাবী জনোৱাৰ লগতে কেৱল মদ বিক্ৰী কৰা বহু কেইখন স্থায়ী আৰু অস্থায়ী দোকান ঘৰ ভাঙি লণ্ড ভণ্ড কৰে ৷ লগতে বহু সংখ্যক দেশীয় আৰু বিদেশী সুৰা জব্দ কৰি নষ্ট কৰি দিয়ে ৷ উল্লেখযোগ্য যে বৃহত্তৰ কুকুৰমাৰাত স্থায়ী অস্থায়ী প্ৰায় ৫০ খনৰো অধিক দোকানত দিনে নিশাই অবৈধভাৱে মদ বিক্ৰী কৰি থকাৰ ফলত অঞ্চলটোত পৰিবেশ বিঘ্নিত হোৱাৰ বহুতৰে জীৱন ধ্বংস হৈছে ৷ জানিবপৰামতে বজাৰখনৰ বহু পান দোকান আৰু মনিহাৰী দোকানৰ লগতে গেলামালতো বিক্ৰী কৰি আহিছে চুলাই মদৰ লগত বিলাতী সুৰা ৷ এই অবৈধ মদৰ বেহা বন্ধ কৰাৰ বাবে আবকাৰী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে আবকাৰী বিভাগে অবৈধ মদ ব্যৱসায়ীৰ পৰা মাহিলী ধন লোৱা বুলিহে অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্যে ছয়গাঁও আৰু কুকুৰমাৰা আৰক্ষীয়ে মাজে সময়ে মদৰ বিৰুদ্ধে অভিযান চলাই যদিও এই অবৈধ মদৰ বেহা আৰক্ষীয়ে অলপো বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷ কুকুৰমাৰাত মদ ব্যৱসায়ীৰ ইমানেই দৌৰাত্ম্য বৃদ্ধি পাইছে যে মদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব যোৱা লোকক ওলোটাইহে ভাবুকি প্ৰদান কৰে ৷ যোৱাকালি সংস্কৃত ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰক লাডেন নামৰ এজন অবৈধ মদ ব্যৱসায়ীয়ে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত অঞ্চলটোত যে মদ ব্যৱসায়ীৰ দৌৰাত্ম্য বৃদ্ধি পাইছে সেইটো প্ৰমাণ কৰে ৷ অৱশ্যে কুকুৰমাৰাৰ জিয়াকুৰত বাসিন্দা তথা সংস্কৃত ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰে মদ ব্যৱসায়ী লাডেনৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ পিছে এই অবৈধ মদ ব্যৱসায়ী গৰাকীৰ লগতে কুকুৰমাৰাত চলি থকা অবৈধ মদৰ ব্যৱসায় বন্ধ কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ’ব অতি লক্ষ্যণীয় ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.