বকো,23 মাৰ্চ: বকোৰ ৰৌমাৰী সাহিপাৰাত মঙলবাৰে পুৱাৰে পৰা বন্যহস্তীৰ এটা জাকে উপদ্ৰৱ চলায় । প্ৰায় ২০ টাতকৈ অধিক হাতী থকা জাকটোৱে তামোল বাগান, কল বাগানত সোমাই গছ ভাঙি ত্ৰাসৰ সৃষ্টি কৰে ।
পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় অধীনষ্ঠ এই অঞ্চলসমূহত দীৰ্ঘদিন ধৰি বন্য়হস্তীৰ জাকে উপদ্ৰৱ চলাই আহিছে ৷ বন বিভাগেও এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ আজি পুনৰ বন্যহস্তীৰ জাকে অঞ্চলটোত উপদ্ৰৱ চলোৱাত বন বিভাগক খবৰ দিয়া হয় যদিও বহু পলমকৈ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।
লগতে পঢ়ক : কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ-