ৰঙিয়া, 6 নৱেম্বৰঃ বুধবাৰে নিশাৰ ভাগত ৰঙিয়াত সংঘটিত হয় এক দুৰ্ঘটনা ৷ 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চ'কত সংঘটিত হয় দুৰ্ঘটনাটো ৷ নিশা প্ৰায় 8 মান কোনো অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় এগৰাকী অচিনাক্ত মহিলাক ৷
লগতে পঢ়কঃ নলবাৰীত মৰেল পুলিচঃ যুৱতীক গোৰ সোধালে যুৱকে!
স্থানীয় লোকে মহিলাগৰাকীক পথৰ দাঁতিত পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত ৰঙিয়াৰ আৰক্ষী চকীৰ যান-বাহন শাখাৰ বিষয়া আৰু জোৱানসকল উপস্থিত হৈ মহিলাগৰাকীক স্থানীয় আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় ৷ অৱশ্যে চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে ৷
যান বাহন শাখাৰ আৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি, বৰ্তমান সময়লৈ চিনাক্ত হোৱা নাই মহিলাগৰাকীৰ পৰিচয় ৷ সাধাৰণভাৱে শাৰী পৰিহিত মহিলাগৰাকীৰ বয়স 50 বছৰমান হ'ব ৷ আৰক্ষীয়ে মৃতদেহৰ চিনাক্তকৰণৰ বাবে ৰঙিয়া থানাৰ মৰ্গত ৰাখিছে মহিলাগৰাকীৰ মৃতদেহ ৷