ETV Bharat / state

COVID আক্ৰান্তক আনিবলৈ গৈ বিপাঙত পৰিল এম্বুলেঞ্চ

author img

By

Published : Jul 2, 2020, 8:11 PM IST

বৃহস্পতিবাৰে বকো আৰু ছয়গাঁৱৰ দুগৰাকীকৈ লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ মৌচোৱা গাঁৱৰ COVID আক্ৰান্ত কৰিম ৰাভা 21 জুনত বহিঃৰাজ্যৰ পৰা অহাৰ বিপৰীতে, বাহজানী গাঁৱৰ গিৰীন্দ্ৰ কলিতা (47) নামৰ লোকজনৰ নাই কোনোধৰণৰ ভ্ৰমণ বৃত্তান্ত ৷

two person tested covid positive in boko

বকো, 2 জুলাইঃ বৃহস্পতিবাৰে বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ দুখন গাঁৱত দুগৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ আক্ৰান্ত লোক দুগৰাকীৰ এগৰাকী বকোৰ মৌচোৱা গাঁৱৰ হোৱাৰ বিপৰীতে আন গৰাকী লোক ছয়গাঁও সমষ্টিৰ বাহজানী গাঁৱৰ ৷ মৌচোৱা গাঁৱৰ 21 বছৰীয়া যুৱক কৰিম ৰাভাৰ লগতে, বাহজানী গাঁৱৰ গিৰীন্দ্ৰ কলিতা (47) নামৰ লোক দুগৰাকীৰ দেহকত পোৱা গৈছে COVID-19 ৷ এই বিষয়ে অৱগত হোৱাৰ পিচতে স্বাস্থ্য বিভাগৰ লোকে প্ৰায় ১৮ কিলোমিটাৰ নিলগত অৱস্থিত মৌচোৱা গাঁৱলৈ কৰিম ৰাভক গৈ বিপাঙত পৰিল ৷ কিয়নো পথটোৰ ঠায়ে ঠায়ো আছে বৃহৎ পুখুৰী সদৃশ গাঁত ৷ পুখুৰী সদৃশ গাঁত অতিক্ৰম কৰি প্ৰায় ডেৰ ঘন্টাৰ পিচত এম্বুলেঞ্চ গৈ উপস্থিত হয় কৰিম ৰাভাৰ ঘৰ ৷

COVID আক্ৰান্ত লোকক আনিবলৈা গৈ বকোত বিপাঙত পৰিল এম্বুলেঞ্চ

উল্লেখ্য যে, ২১ জুনত কৰিম ৰাভা গৰ্ভৱতী পত্নীৰ সৈতে আহিছিল চেন্নাইৰ পৰা ৷ আমিনগাঁত তেওঁলোকৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে তেওঁলোকক হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ বৃহস্পতিবাৰে তেওঁৰ ফলাফল পজিটিভ অহাৰ পিচতেই তেওঁক আৰু বাঁহজানী গাৱঁৰ গিৰীন্দ্ৰ কলিতাক পতঞ্জলী ক'ভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে, বাঁহজানী গাৱঁৰ গিৰীন্দ্ৰ কলিতাৰ নাই কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত ৷

লগতে পঢ়কঃ গোলাঘাটত ৬ গৰাকী চিকিৎসাকৰ্মীৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.