ETV Bharat / state

মিৰ্জাত সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ দাবীত সাংবাদিকৰ মৌন প্ৰতিবাদ

author img

By

Published : Nov 13, 2020, 5:07 PM IST

প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ ফটোৰ সন্মুখত চাকি বন্তি প্ৰজ্বলন কৰে পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতেন্দ্ৰ সিং হাজাৰীয়ে ৷ লগতে উপস্থিত সাংবাদিকসকলে ফুলেৰে শ্ৰদ্ধা নিবেদন কৰে প্ৰয়াত সাংবাদিক গৰাকীক ।

tribute-for-parag-bhuyan-at-mirza
মিৰ্জাত সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ দাবীত সাংবাদিকৰ মৌন প্ৰতিবাদ

কামৰূপ,13 নৱেম্বৰঃ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি ৰাজ্যজুৰি সাংবাদিকে সাব্যস্ত কৰিছে প্ৰতিবাদ । শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ মিৰ্জাতো সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত শোকস্তব্ধ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংবাদিক, প্ৰশাসন আৰু বিভিন্ন সংগঠনে। প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ ফটোৰ সন্মুখত চাকি বন্তি প্ৰজ্বলন কৰে পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সতেন্দ্ৰ সিং হাজাৰীয়ে ৷ লগতে উপস্থিত সাংবাদিক সকলে ফুলেৰে শ্ৰদ্ধা নিবেদন কৰে প্ৰয়াত সাংবাদিক গৰাকীক ।

দক্ষিণ কামৰূপৰ ইলেক্ট্ৰনিক আৰু প্ৰিন্ট মিডিয়াৰ উমৈহতীয়া সংগঠন ই পি মিডিয়াৰ উদ্যোগত অনুষ্ঠিত হয় এই শ্ৰদ্ধাজ্ঞলি অনুষ্ঠানৰ। ইপিনে সাংবাদিক সকলে ক’লা বেজ পৰিধান কৰি পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰি মৌনভাৱে প্ৰতিবাদ সাব্যস্ত কৰে । লগতে মৃতকৰ শান্তি বিচাৰি আৰু পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে সাংবাদিক সকলে ৷ আনহাতে সাংবাদিক গৰাকীৰ মৃত্যুৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তিৰ দাবী তোলে ই পি মিডিয়া ফ’ৰামে ।

লগতে পঢ়কঃ দেৰগাঁৱত গোলাঘাট যোগান বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.