ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ

author img

By

Published : Oct 4, 2020, 9:03 AM IST

Updated : Oct 4, 2020, 1:01 PM IST

পুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ

Top 10 news at 9 am
পুৱা 9 বাজৰ শীৰ্ষ বাতৰিসমূহ

নগাঁৱত ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে ব্যৱসায়ীয়ে

নগাঁৱৰ ৰণথলীত চাঞ্চল্যকৰ হত্যাকাণ্ড। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কেঁচা সোণৰ গহনা বিপনীৰ স্বত্বাধিকাৰীক।

মুখ্যমন্ত্ৰীৰ সমষ্টিত জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক

মাজুলিৰ ফুলনি পঞ্চায়তৰ ১নং ৱাৰ্ডৰ একমাত্ৰ পথটোৱে প্ৰায় ২০-৩০ খন গাৱঁক মাজুলিৰ মূল পথৰ সৈতে সংযোগ কৰে ৷ কিন্তু আজি পৰ্যন্ত পকীকৰণৰ ব্যৱস্থা কৰা নহ’ল পথটো ৷

নৱগঠিত আঞ্চলিক দলসমূহক চেমনীয়াৰ দল বুলিলে হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত গঠিত আঞ্চলিক দলসমূহক ৰাজনৈতিক দল বুলি ক'লে ভুল হ'ব,চেমনীয়াৰ দল বুলি ক'লেহে ভাল হ'ব ৷ শনিবাৰে বোকাখাত মহকুমা শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় মুকলি কৰি এইদৰে নতুন ৰাজনৈতিক দলসমূহক কটাক্ষ কৰে মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই ৷ তদুপৰি নিৰ্বাচনত নাম ল'বলৈ সুবিধা হ'বৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলো আঞ্চলিক দলকে একলগ হ'বলৈ আহ্বান জনায় ৷

ৰাজ্যত 4.2 ৰিখটাৰ স্কেলত ভূমিকম্প সংঘটিত

ৰাজ্যত 4.2 ৰিখটাৰ স্কেলত ভূমিকম্প ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পৰা কামৰূপ বুলি অনুমান কৰিছে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

ইউনিফাইড কামাণ্ড ষ্ট্ৰাকশ্বাৰৰ ষ্ট্ৰেটেজি গ্ৰুপৰ উদ্বোধনী বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালৰ অংশ গ্ৰহণ

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ইউনিফাইড কামাণ্ড ষ্ট্ৰাকশ্বাৰৰ ষ্ট্ৰেটেজি গ্ৰুপৰ উদ্বোধনী বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বৈঠকত অংশ লৈ তেওঁ ইউনিফাইড কমাণ্ড ব্যৱস্থাৰ ভূমিকা সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷

তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী

তামিলনাডুৰ পাল্লাদামত ধৰ্ষণৰ বলি হ'ল 22 বৰ্ষীয় অসমীয়া যুৱতী ৷ যুৱতীগৰাকী অসমৰ দৰং জিলাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ চাকৰিৰ সন্ধানত পাল্লাদামৰ কাল্লিমেডুত উপস্থিত হোৱা যুৱতীগৰাকীক ছয়জনীয়া এটা দলে ধৰ্ষণ কৰে ৷

গালৱান সংঘৰ্ষৰ শ্বহীদৰ নামেৰে লাডাখত স্মাৰক নিৰ্মাণ

15 জুনত গালৱান উপত্যকাত প্ৰাণ হেৰুওৱা 20 ভাৰতীয় জোৱানৰ স্মাৰক নিৰ্মাণ কৰা হয় ৷ লাডাখৰ দুৰ্বাক, শিয়ক আৰু দৌলত বেগ অল্ডি অঞ্চলক সংলগ্ন কৰা পোষ্ট 120 ত নিৰ্মাণ কৰা হৈছে এই স্মাৰক ৷

অৰুণাচল প্ৰদেশৰ 3 খন জিলাত আফচপা আইন বলবৎ

উত্তৰ-পূৰ্বাঞ্চলৰ অতি স্পৰ্শকাতৰ জিলা সমূহৰ তালিকাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ 3 খন জিলাত ‌'আৰ‌মৰ্চ ফৰ্চ স্পেচিয়েল পাৱাৰ এক্ট' পুনৰ 6 মাহৰ বাবে বৃদ্ধি কৰিছে । 1 অক্টোবৰৰ পৰা গৃহীত হোৱা এই জিলা কেইখনৰ অধীনত 4 খন আৰক্ষী থানা সামৰি লোৱা হৈছে আৰু ই অসমৰ সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত হৈছে ।

গহপুৰৰ হেলেমত নিজ পত্নীক মৰিয়াই হত্যা স্বামীৰ

বিশ্বনাথৰ গহপুৰৰ হেলেমত নৃশংস হত্যাকাণ্ড । ঘৰুৱা কন্দলৰ বাবে শুকুৰবাৰে নিশা স্বামীয়ে মৰিয়াই হত্য়া কৰে নিজ পত্নীক ৷ ঘটনা সন্দৰ্ভত হেলেম থানাত আত্মসমৰ্পণ স্বামীৰ ৷

#MeTooIndia আন্দোলনক ‘ভুৱা’ আখ্যা পায়েল ঘোষৰ

অভিনেত্ৰী পায়েল ঘোষৰ #MeTooIndia আন্দোলনক ভুৱা আখ্যা ৷ #MeTooIndia আন্দোলনৰ জৰিয়তে সকলো দোষীয়ে ক্লীন শ্বীট লাভ কৰাৰ পাচতো কিয় তেওঁলোকক শাস্তি প্ৰদান কৰা নাই বুলি টুইটাৰযোগে প্ৰশ্ন উত্থাপন কৰে অভিনেত্ৰী গৰাকীয়ে ৷

Last Updated : Oct 4, 2020, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.