ৰাজনীতি আৰু যতীন বৰা : সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড
অভিনেতাৰ পৰা ৰাজনীতিলৈ যতীন বৰাৰ কাহিনী ৷ অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে বিগত 3 বছৰে কি কাম কৰিলে ? অসমীয়া চলচ্চিত্ৰ সমূহ সংৰক্ষণ হৈছেনে প্ৰকৃততে ? থিয়েটাৰৰ পৰা চলচ্চিত্ৰলৈকে বহুখিনি নজনা কথাৰ উত্তৰ দিলে যতীন বৰাই ৷ বৰাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ৷ জনা নজনা কথাৰে ইটিভি ভাৰতত ৰাজনীতিবিদ যতীন বৰা ৷
বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত
বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ-অটল টানেল মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মানালীৰ পৰা লেহ সংযোগী এইটো সুৰংগ সাগৰপৃষ্ঠৰ পৰা 3,000 মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ দুৰত্ব হৈছে 10,000 ফুটৰো অধিক ৷ প্ৰায় 3200 কোটিৰ খৰচেৰে সম্পূৰ্ণ কৰি তোলা সুৰংগটো আজি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে ৷
কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত
কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত শুকুৰবাৰে সংঘটিত হয় তীব্ৰ সংঘাত ৷ এই সংঘাতত 5 জনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷
আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওপজা দিন
আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওপজা দিন ৷ এই মহান ব্যক্তি গৰাকীৰ জন্মদিনত ব্যক্তিগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছে সমগ্ৰ ৰাজ্যবাসীয়ে ৷
জীৱন সংগ্ৰামত হাৰ নমনা টীয়কৰ ৰীতামণি
কাকজান মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী ৰীতমণিয়ে নিজৰ ঘৰৰ পদুলিতে আৰম্ভ কৰিছে শাক-পাচলিৰ ব্যৱসায় ৷ পাচলি ব্যৱসায়েৰে নিজৰ দৈনন্দিন খৰচৰ উপৰিও ঘৰখনক কিছু হ'লেও আৰ্থিক সকাহ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰীতামণিয়ে ৷
হেলিকপ্টাৰৰ সহায়ত গছপুলি ৰোপন ভাৰতীয় নৌ-সেনাৰ
গান্ধী জয়ন্তীৰ দিনটোত বিশেষ কাৰ্যসূচী হাতত লয় ভাৰতীয় নৌ-সেনাই ৷ নৌ-সেনাই ইয়াৰ UH3H হেলিকপ্টাৰৰ সহায়ক আকাশমাৰ্গৰ পৰা গছৰ গুটি সিঁচৰিত কৰি গছপুলি ৰোপনৰ কাম সম্পন্ন কৰে ৷
মাটিৰ কৰ পোৱা টকাৰে আঁচনি ঘোষণা কৰিছে মন্ত্ৰী হিমন্তই: নগেন ডেকা
শুকুৰবাৰে নলবাৰী জিলাত অসম জাতীয় পৰিষদৰ এখন সভাত একালৰ প্ৰভাৱশালী আছু নেতা তথা বৰ্তমানৰ নলবাৰী জিলাৰ শ্ৰী শ্ৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাই বিজেপি চৰকাৰক কটাক্ষ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে ৷ সভাপতিগৰাকীয়ে নলবাৰীত অগপ শূণ্য হোৱাৰ পথত বুলি প্ৰকাশ কৰে ৷
টিংখাঙত বিভিন্ন দাবীত পৃথকে পৃথকে প্ৰতিবাদ
শুকুৰবাৰে টিংখাঙত বিভিন্ন দাবীত পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় জিলা কোচ ৰাজবংশী সন্মিলনী, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
নতুন ৰাজনৈতিক দলক লৈ হিমন্তৰ প্ৰতিক্ৰিয়া
শুকুৰবাৰে ৰাজ্যত গঠন হয় এটা নতুন ৰাজনৈতিক দলৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হয় ৰাইজৰ দল নামে এক নতুন ৰাজনৈতিক দল ৷ নতুন দলটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে সকলো দল একত্ৰিত হওঁক ৷ তেতিয়াহে আমি যুঁজি ভাল পাম ৷ লগতে নিৰ্বাচনী সভাত ভাষন দিবলৈও সুবিধা হ'ব ৷
তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক
তেজপুৰৰ ডিপোটাত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে 2022 চনৰ ভিতৰত নিৰ্মাণ হ'ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক । এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷