ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ... - TOP 10

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ...

TOP 10 at 1 PM
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ...
author img

By

Published : Feb 21, 2021, 12:59 PM IST

বিজেপিৰ তিনি নেতাক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ

ৰণজিৎ দাস, ফণী শৰ্মা, দিলীপ শইকীয়াক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ । দলীয় প্ৰাৰ্থিত্ব আৰু অগপৰে আসন বুজাবুজিৰ সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ ধাৰণা ।

২২ ফেব্ৰুৱাৰীত ধেমাজিলৈ প্ৰধানমন্ত্ৰীৰ আগমন

২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে কুলাজান চিতলমাৰীত হ’বলগীয়া বিশাল জনসভাৰ পৰাই ডিজিটেল মাধ্যমেৰে উদ্বোধন কৰিব বহু প্ৰতীক্ষিত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ ইতিমধ্যে মহাবিদ্যালয়খনত 160 গৰাকী শিক্ষাৰ্থীয়ে অনলাইনযোগে শিক্ষাগ্ৰহণ কৰি আছে ৷

ডিব্ৰুগড়ত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

দেওবাৰে ডিব্ৰুগড়ৰ বকপাৰাত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় ৷ দীৰ্ঘদিন ধৰি দাঁতিকাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই আহিছিল নাহৰফুটুকীটোৱে ৷

বলীন চেতিয়াৰ বিৰুদ্ধে দলীয় কৰ্মীক প্ৰাণে মৰাৰ অভিযোগ

শনিবাৰে শদিয়াৰ বিজেপি নেত্ৰী ৰুবী মণি বৰুৱাৰ নেতৃত্বত শান্তিপুৰৰ পৰা ধলালৈকে উলিওৱা বাইক ৰেলীত অংশগ্ৰহণৰ বাবে গৈছিল জ্যেষ্ঠ বিজেপি কৰ্মী ঔম প্ৰকাশ উপাধ্যায় ৷ সেই সময়তেই কোনো দুৰ্বৃত্তই তেওঁক ফোনযোগে গুলিৱাই মৰাৰ ভাবুকি প্ৰদান কৰে ৷

পুনৰ ক'ভিড ! মুখ্য সচিবে জাৰি কৰিছে জৰুৰী নিৰ্দেশ

দিল্লী, মহাৰাষ্ট্ৰ, কেৰালাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত মহামাৰী ক'ভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাত সন্ত্ৰস্ত হৈ উঠিছে অসম চৰকাৰ । আসন্ন বিপদৰ উমান পাই শনিবাৰে মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰে এক নতুন সতৰ্কতামূলক নিৰ্দেশনা ।

বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে: দেৱব্ৰত শইকীয়া

কেৱল ভোটৰ বাবেই এতিয়া বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে ৷ দলটোৱে নানান আঁচনিৰ জৰিয়তে ৰাইজক প্ৰলোভিত কৰিছে ৷ কিন্তু এই কথা এতিয়া অসমৰ ৰাইজে বুজি উঠিছে বুলি উল্লেখ কৰে বিধায়ক দেৱব্ৰত শইকীয়াই ।

মাজুলী-যোৰহাট সংযোগী দলং কেতিয়াও নহয়: ভূপেন বৰা

শনিবাৰে মাজুলীৰ অফলামুখ তথা দক্ষিণপাট অঞ্চলৰ খহনীয়াগ্ৰস্ত লোকসকলৰ লগতে জেংৰাইমুখ আৰু মাজৰদেউৰীতো অনুষ্ঠিত কৰা হৈছে কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ নিৰ্বাচন প্ৰচাৰ কমিটিৰ অধ্যক্ষ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাসহ কংগ্ৰেছৰ বহু সদস্য ৷

টিটিএএডিচি ৰ নিৰ্বাচন: স্পৰ্শকাতৰ বুথ সমূহত উপযুক্ত নিৰাপত্তাৰ দাবী বিজেপিৰ

ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ নিৰ্বাচনৰ বাবে স্পৰ্শকাতৰ নিৰ্বাচন কেন্দ্ৰসমূহত উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ত্ৰিপুৰা বিজেপিয়ে ৷ ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ অধীনত মুঠ 1,244 টা নিৰ্বাচন কেন্দ্ৰ আছে ৷ প্ৰায় 8 লাখ 64 হাজাৰ ভোটাৰে টিটিএএডিচি ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ 23 ফেব্ৰুৱাৰীত প্ৰকাশ পাব ভোটাৰৰ চূড়ান্ত তালিকা ৷

বিজেপি যুৱ ফ্ৰণ্টৰ নেতা পামেলি স্বামীক গ্ৰেপ্তাৰ

শুকুৰবাৰে আৰক্ষীয়ে প্ৰায় ৯০ গ্ৰাম কোকেনৰ সৈতে বিজেপি যুৱ ফ্ৰণ্টৰ নেতা পামেলি স্বামী, তেওঁৰ সহযোগী আৰু দেহৰক্ষীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই আৰম্ভ হৈছিল এক ৰাজনৈতিক চাপ ।

মানৱীয়তাৰ খাতিৰত QUIPPO ৰ দুই বিষয়াক মুক্তি দিয়ক: মুখ্যমন্ত্ৰী সোণোৱাল

আলফা(স্বাঃ)ৰ দ্বাৰা অপহৃত QUIPPO ৰ দুই বিষয়াক মানবীয়তাৰ খাতিৰত মুক্তি দিবলৈ পৰেশ বৰুৱাক আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আলফাৃ(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ অহাৰো আহ্বান জনাইছে সোণোৱালে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.