ETV Bharat / state

ছয়গাঁৱত আৰক্ষীৰ জালত ৯ টা চোৰাং গৰুসহ তিনিটা সৰবৰাহকাৰী - ছয়গাঁও আৰক্ষী

ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও প্ৰতিদিনে সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা ৷

three-suppliers-including-nine-smuggled-cows-in-police-nets-in-chagaon
ছয়গাঁৱত আৰক্ষীৰ জালত ৯ টা চোৰাং গৰুসহ তিনিটা সৰবৰাহকাৰী
author img

By

Published : Aug 24, 2021, 10:12 PM IST

ছয়গাঁও, 24 আগষ্ট: ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী নিৰ্মূল কৰিবৰ বাবে অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷ লগতে ৰাজ্যত গো-সুৰক্ষা বা গো-সংৰক্ষণ আইন প্ৰণয়ন কৰি ৰাজ্যত অবৈধ ভাৱে সৰবৰাহ হৈ থকা চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

এই সকলোবোৰ বিষয়ক লৈ চৰ্চা চলি থকাৰ মাজতে সোমবাৰে পুৱতি নিশা ছয়গাঁও আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে এক বিশেষ অভিযান চলায় ৷ অভিযান কালত আৰক্ষীয়ে 9 টা চোৰাং গৰু জব্দ কৰাৰ লগতে তিনিটা গৰু চোৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন গৰু চোৰ কেইটা হৈছে বকো আৰক্ষী থানাৰ অৰ্ন্তগত আন্ধেটাৰী গাঁৱৰ ছামাদ আলী, গৰৈমাৰীৰ টুক্ৰাপাৰ গাঁৱৰ চাইফুল ইছলাম আৰু টুক্ৰাপাৰৰ চলেমুদ্দিন ৷

লগতে পঢ়কঃ নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা

জানিবপৰা মতে, নিশা বকো অঞ্চলৰ পৰা চোৰাং গৰুৰ গাড়ী এখন অসম মেঘালয় সীমান্তৱৰ্তী উকিয়ামলৈ গৈ থকাৰ খবৰ ছয়গাঁও আৰক্ষীয়ে লাভ কৰিছিল এক বিশেষ সূত্ৰৰ পমখেদি ৷ তাৰ পাছতে সোমবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চোৰাং গৰুৰ গাড়ীখন আটক কৰাৰ বাবে বামুণীগাঁৱত চোপ লৈ আছিল ৷

আৰক্ষীয়ে চোপ লৈ থকাৰ সময়তে সোমবাৰে পুৱতি নিশা প্ৰায় চাৰে চাৰি বজাত চোৰাং গৰু কঢ়িয়াই অনা এএছ২৫ চিচি ৫৯২৯ নম্বৰৰ চাৰিচকীযা বাহনখন আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ৷ তাৰ পাছতে আৰক্ষীয়ে চোৰাংভাৱে অনা গৰুৰ গাড়ীসহ তিনিজন লোকক আটক কৰি থানালৈ লৈ আহে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন গৰু চোৰ কেইটাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.