বকো,1জুলাইঃ কামৰূপ জিলাৰ বকোত একেদিনাই চাৰিজনৰ জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ । স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে তেওঁলোকক চিকিৎসাৰ বাবে ইতিমধ্যে পলাশবাৰীস্থিত পতঞ্জলী কোভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে । বকো বজাৰত ভাৰতীয় ষ্টেট বেংক বকো শাখাৰ তলত থকা অভিজিৎ গাৰ্মেন্টচ দোকানৰ স্বতাধিকাৰী অভিজিৎ ৰয়ৰ দেহত পোৱা গৈছে কোভিড-১৯ পজিটিভ । তেখেতৰ স্বাৱ নমুনা যোৱা ১৫ জুনত Assam Targeted Surveillance Programme (ATSP) ৰ অধীনত বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লোৱা হৈছিল ।
নমুনাৰ ফলাফল অহাৰ পাছতেই তেখেতক বকো স্বাস্থ্য বিভাগ তথা প্ৰশাসনে পতঞ্জলী কোভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰে। ইতিমধ্যে প্ৰসাশনে তেখেতে বাস কৰা ভাড়াঘৰৰ লগতে ওচৰৰ অঞ্চলতো আৰু বেংক সহিতে শ্বপিং কমপ্লেক্সতো ১৪ দিনৰ বাবে কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে। উল্লেখযোগ্য যে, অভিজিৎ ৰয়ৰ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই বুলি জানিব পৰা গৈছে ।