ৰঙিয়া, 3 আগষ্ট: ৰঙিয়াৰ মৰাণজানাত ৰাইজে কৰে দুটা ছাগলী চোৰক ৷ দেওবাৰে নিশা এখন পালচাৰ বাইকেৰে ছাগলী চুৰি কৰি গৈ থকা অৱস্থাত ৰাইজে আটক কৰে চোৰ দুটাক ৷ ধৃত চোৰ দুটা কামৰূপৰ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত আঠাৰাৰ হিৰকজ্যোতি চৌধুৰী আৰু মধুকুছিৰ যতীন ৰাজবংশী বুলি জানিব পৰা গৈছে ৷ কলমণিৰ পৰা ছাগলী চুৰি কৰি ৰঙিয়াৰ ছাগলী ব্যৱসায়ীক বিক্ৰী কৰিবলৈ গৈ আছিল ধৃত চোৰ দুজন ৷
ৰাইজৰ অভিযোগ অনুসৰি, চোৰ দুটাক কৰায়ত্ত কৰাৰ সময়ত তেওঁলোকে সলনি কৰিছিল নিজৰ পৰিচয় ৷ কিন্তু ৰাইজে কঠোৰভাৱে জেৰা কৰাত ধৰা পৰে দুয়োটা যুৱকৰে প্ৰকৃত পৰিচয় ৷ দুয়োজন যুৱকে নিজৰ চুৰিকাণ্ড সন্দৰ্ভত স্বীকাৰ কৰিছে ৷ দীৰ্ঘদিনে অঞ্চলটোত হৈ থকা বিভিন্ন চুৰি কাৰ্যত এই দুজন যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কৰায়ত্ব কৰে চোৰ দুজনক ৷
লগতে পঢ়ক: ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী কলেজৰ অধ্যাপক